உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দিছপুৰ কলেজৰ একাউণ্টৰ পৰা হৰলুকি ৭৬লাখ টকা, পশ্চিমবংগৰ এটা NGOৰ একাউণ্টত সোমাল এই বৃহত্‍ ধনৰাশি

    দিছপুৰ কলেজৰ একাউণ্টৰ পৰা হৰলুকি ৭৬লাখ টকা, পশ্চিমবংগৰ এটা NGOৰ একাউণ্টত সোমাল এই বৃহত্‍ ধনৰাশি

    বেংক কতৃপক্ষলৈ অভিযোগৰ আঙুলি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ

    বেংক কতৃপক্ষলৈ অভিযোগৰ আঙুলি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ

    বেংক কতৃপক্ষলৈ অভিযোগৰ আঙুলি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ

    • Share this:
    মহানগৰীৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান দিছপুৰ মহাবিদ্যালয়ৰ সকলো ধনৰ লেনদেন হৈছিল দিছপুৰস্থিত বেংক অব বৰোডা শাখাত ৷ যোৱা ২০এপ্ৰিলৰ দিনা মহাবিদ্যালয়খনৰ অধ্যক্ষই কলকাতাৰ "জাতীয় কম্পিউটাৰ স্বাক্ষৰতা মিছন" নামৰ এটা বেচৰকাৰী সংস্থাৰ নামত ৭৬ লাখ টকাৰ  ধন RTGS কৰিবৰ বাবে অনুমতি বিচাৰি এটা মেইল লাভ কৰিছিল ৷ কিন্তু অধ্যক্ষগৰাকীয়ে মেইলটোৰ উত্তৰ প্ৰেৰণ কৰাৰ পূৰ্বেই মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা ট্ৰেন্সফাৰ কৰি লয় কলকাতাৰ "জাতীয় কম্পিউটাৰ স্বাক্ষৰতা মিছন" নামৰ  বেচৰকাৰী সংস্থাটোৱে।

    মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ধন হৰলুকি হোৱাৰ কথা গম পোৱাৰ লগে লগে বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ সমান্তৰালকৈ দিছপুৰ থানাত এক অভিযোগ দাখিল কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অভিযোগ, বেংকটোৰ একাংশ কৰ্মচাৰীৰ ছত্ৰছায়াত  কলকতাৰ বেংচৰকাৰী সংস্থাটোৰ একাউণ্ট ভৰোৱা হ'ল ধনৰাশি ৷ কাৰণ পূৰ্বে বেংকটোৱে মহাবিদ্যালয়খনৰ একাউণ্টপৰ পৰা ২ হাজাৰ টকা দিবলৈ হ'লেও মেইলৰ লগতে ফোন যোগে অনুমতি লয় মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ৷ কিন্তু ইমান এটা বৃহৎ ধনৰাশি বহিৰাগত এটা ব্যক্তিগত সংস্থাৰ একাউণ্টালৈ ভৰাই দিয়াৰ আগমূহুৰ্তত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অনুমতি নলৈ এটা ভূৱা মেইলৰ ভিত্তিত ধনৰাশি মুকুলাই দিয়া কাৰ্যক সহজভাৱে লব পৰা নাই মহাবিদ্যালয়খনৰ অধ্যক্ষই ৷

    অধ্যক্ষগৰাকীৰ স্পষ্ট কথা আৰক্ষীয়ে সঠিক তদন্ত কৰিলেই জালত পৰিব পাৰে বেংকটোৰ একাংশ কমচাৰী ৷ ইপিনে বেংক কৰ্তৃপক্ষৰ মতে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ মোবাইল হেক কৰি হেকাৰে লুটি নিছে সমুদায় ধন ৷এই ক্ষেত্ৰত জগৰীয়া নহয় বেংক কৰ্তৃপক্ষ ৷ দিছপুৰ আৰক্ষীয়ে ইতিমধ্য মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ধন সোমোৱা বেচৰকাৰী সংস্থাটোৰ একাউণ্ট বন্ধ কৰিব বাবে যোগাযোগ কৰিছে বেংক কৰ্তৃপক্ষৰে ৷ কিন্তু কেনেদৰে মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ইমান বৃহৎ ধনৰাশি হৰলুকি হ'বলৈ পালে বহিঃৰাজ্যৰ এটা বেচৰকাৰী সংস্থাৰ একাউন্টলৈ ৷ তাকলৈ এতিয়া বিমোৰত পৰিছে আৰক্ষীও ৷
    Published by:Himangshu Bhuyan
    First published: