ইতিমধ্যে দিল্লীৰ চিভিল লাইন পুলিচ ষ্টেছনত এই সন্দৰ্ভত এখন এফ আই আৰ ৰুজু হৈছে।
ইতিমধ্যে দিল্লীৰ চিভিল লাইন পুলিচ ষ্টেছনত এই সন্দৰ্ভত এখন এফ আই আৰ ৰুজু হৈছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কন্যা হৰ্ষিতা কেজৰিৱালৰ পৰা এটা প্ৰৱঞ্চকে সৰকালে ৩৪ হাজাৰ টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰৰ এখন পুৰণি চোফাৰ সবিশেষ বিক্রীৰ উদ্দেশ্যেৰে এটা e–commerce site জমা দিছিল। তেতিয়াই প্ৰবঞ্চকটোৱে e–commerce siteত দিয়া মোবাইল নম্বৰটোলৈ ফোন মাৰি সংযোগ স্থাপন কৰিলে মুখ্যমন্ত্ৰীৰ কন্যা হৰ্ষিতাৰে। উল্লেখযোগ্য যে হৰ্ষিতা Indian Institute of Technology, Delhiৰ প্ৰাক্তন শিক্ষাৰ্থী। ইতিমধ্যে দিল্লীৰ চিভিল লাইন পুলিচ ষ্টেছনত এই সন্দৰ্ভত এখন এফ আই আৰ ৰুজু হৈছে।
ঘটনাটো কেনেকৈ ঘটিল?
চোফা ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰি প্ৰৱঞ্চকটোৱে কেজৰিৱাল কন্যালৈ ফোন কৰিলে। তাৰ পিছত এটা সামান্য ৰাশি পৰীক্ষামূলকভাৱে হৰ্ষিতাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিলে। ইয়াৰ উদ্দেশ্য আছিল হৰ্ষিতাৰ বেংক একাউণ্টৰ সবিশেষ যে সঠিক সেয়া নিশ্চিত কৰা। তাৰ পাছত প্ৰবঞ্চকটোৱে হৰ্ষিতালৈ এটা QR Code প্ৰেৰণ কৰি স্কেন কৰিবলৈ ক’লে যাতে চোফাখনৰ মূল্য প্ৰেৰণ কৰিব পৰা যায়। হৰ্ষিতাই স্কেন কৰাৰ মুহূৰ্ততে তেওঁৰ একাউণ্টৰ পৰা নোহোৱা হয় ২০০০০টকা।
তাৰ পিছত এইবাৰ হৰ্ষিতাই প্ৰবঞ্চকলৈ ফোন কৰে। এইবাৰ প্ৰবঞ্চকটোৱে অন্য এটা QR Code প্ৰেৰণ কৰি কয় – এই Codeটো স্কেন কৰিলে অন্তৰ্ধান হোৱা ২০০০০টকা তথা চোফাৰ মূল্য দুয়ো একাউণ্ট সোমাব। কিন্তু হৰ্ষিতাই সেই code স্কেন কৰাৰ পাছত তেওঁৰ একাউণ্টৰ পৰা নোহোৱা হয় ১৪০০০ হেজাৰ। এইবাৰ ধনৰাশিৰ লগতে অন্তৰ্ধান হয় প্ৰৱঞ্চক। আৰক্ষীয়ে জনোৱা মতে, তদন্ত চলি আছে কিন্তু অপৰাধীক কৰায়ত্ত কৰিব পৰা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|