• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা লুটিছে ধন! চকু পৰিছে বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা লুটিছে ধন! চকু পৰিছে বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ

এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত ৷

এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত ৷

এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত ৷

  • Share this:
মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিত সংঘটিত হৈছে বৃহৎ খেলিমেলি ৷ বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ টাৰ্গেট হৈ পৰিছে চৰকাৰী ধনৰ বেংক একাউণ্ট ৷ বহিঃৰাজ্যৰ পৰা দুষ্ট চক্ৰই ভুৱা চেকত চহী কৰি লুটি আছে ৰাজকোষৰ লাখ লাখ টকা ৷ এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত ৷

১০ আগষ্টত মুখ্যমন্ত্ৰী কাৰ্যালয়ে ধৰা পেলাইছিল এই কথা ৷ তাৰ পিছতে সমগ্ৰ খেলিমেলিৰ তদন্তৰ দায়িত্ব দিয়া হ’ল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষক ৷ ১২ আগষ্টত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৪/২০২০ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰিলে তদন্ত প্ৰক্ৰিয়া ৷ তদন্তকাৰী সংস্থাই গোচৰ ৰুজু কৰিয়েই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকৰ দলটোৱে জাল চেক যোগে ধন ট্ৰান্সফাৰ কৰাৰ সবিশেষ তথ্য ৷ তাৰ পিছতে একাউণ্টৰ পৰা KYC যোগে সংগ্ৰহ কৰিছিল  প্ৰৱঞ্চকৰ ফোন নম্বৰ ৷ ২৭ আগষ্টত আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত উত্তৰ প্ৰদেশলৈ ৰাওনা হয় ৭ জনীয়া আৰক্ষীৰ দল ৷

প্ৰায় চাৰিদিন উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু বস্তি জিলাত অভিযান চলায় বস্তি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৫ প্ৰৱঞ্চকক ৷  আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে, এই প্ৰৱঞ্চকৰ দলটোৱে কেৱল অসম চৰকাৰৰে নহয় ভুৱা চেক আৰু জাল চহীৰে আন ৰাজ্যৰ ৰাজকোষৰ পৰাও ধন লুটিছে ৷ আনহাতে ভাৰতীয় ষ্টেট বেংকে ভুৱা চেক আৰু জাল চহীৰ তথ্য পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা লৈ যোৱা ধন ঘূৰাই দিছে ৷ প্ৰৱঞ্চকৰ দলটোৱে সাহাৰ্য পুঁজিৰ পৰা প্ৰায় ৮.৫ লাখ টকা লুটিছিল ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি