কি আচৰিত! এজন দুজন নহয় অসমৰ এইখন ঠাইত হঠাৎ জীৱিত ৯জনকৈ মৃত ব্যক্তি!

News18 Assam | News18-Assam
Updated:July 14, 2020, 12:07 PM IST

কিন্তু জীৱিত লোকক মৃত দেখুৱাই  বিধৱা পেঞ্চন ভুৱা লোকে পোৱাৰ ফলত বঞ্চিত হ’বলগা হৈছে যোগ্য প্ৰকৃত হিতাধিকাৰী।

  • Share this:
জনী এল এল বি চিনেমাৰ দৃশ্য নহয় সঁচাই মৃত ব্যক্তি জীৱন্ত হিচাপে ওলাইছে অসমৰ এক প্ৰান্তত। সকলোৱে মৃত বুলি ভাবি থকা এজন দুজন নহয় নজনকৈ মৃত ব্যক্তিক জীৱিত বুলি জনাইছে গাঁৱৰ পঞ্চায়ত প্ৰতিনিধি আনোৱাৰ মণ্ডলে। শুনি আপুনি আচৰিত হৈছে নেকি , আচৰিত নহ’ব কাৰণ অসম মুলুকত এতিয়া যিকোনো কাণ্ডই সম্ভৱ!

এই আচৰিত ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ ধৰ্মশালা উন্নয়ন খণ্ডৰ অধীনৰ ফলিমাৰী গাঁও পঞ্চায়তত। চৰকাৰী নথিত মৃত আখ্যা দিয়াৰ পিছত পত্নীয়ে বেংক একাউণ্টত বিধৱা পেঞ্চন পোৱা ব্যক্তি জীৱিত বুলি প্ৰমাণ হৈছে।

পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত যেন বৰ্তমানে সকলো সম্ভৱ। বিভাগৰ মহিমাৰ কাৰণে ধুবুৰী জিলাৰ ধৰ্মশালা উন্নয়ন খণ্ডৰ  ফলিমাৰী গাওঁ পঞ্চায়তত  স্বামী জীৱিত থকাৰ পিছতো পত্নীয়ে পাই আছে বিধৱা পেঞ্চন। প্ৰশ্ন হয়তো আপোনাৰ মনত উঠিছে যে, যদি মৃত্যু হোৱাই নাই তেনেহ’লে  মৃতব্যক্তিৰ প্ৰমাণ পত্ৰ কোনে দিলে তেওঁলোকক?


কাৰণ মৃত্যুৰ প্ৰমাণ পত্ৰৰ লগতে সাধাৰণ কোনো তদন্ত নকৰাকৈ কেৱল মাত্ৰ কিছু ধনঘটাৰ স্বাৰ্থত এনেদৰেই চলিছে চৰকাৰী আচৰিত কাম। চৰকাৰী নথিত মৃত বুলি উল্লেখ থকা গাঁৱ খনৰ মিৰ সাহাদত,আচান আলী,হাবিজুল ইছলামৰ মতে তেওঁলোকৰ অজ্ঞাতে তেওঁলোকৰ পত্নীক ফুচুলাই এখনকৈ প্ৰ পত্ৰত টিপ চহী লৈছিল পঞ্চায়তখনৰ মধ্যভোগীয়ে আৰু তাৰ পিছতেই যোৱা মাহত পত্নীৰ একাউণ্টত টকা সোমায়। কিন্তু আমি সেই টকা বেংকৰ পৰা উঠোৱা নাই প্ৰয়োজন হ’লে চৰকাৰক ঘুৰাই দিম।
কিন্তু জীৱিত লোকক মৃত দেখুৱাই  বিধৱা পেঞ্চন ভুৱা লোকে পোৱাৰ ফলত বঞ্চিত হ’বলগা হৈছে যোগ্য প্ৰকৃত হিতাধিকাৰী।
ইতিমধ্যে এই বিষয়ত ফলিমাৰী পঞ্চায়তৰ মৃতব্যক্তিক জীৱিত কৰা, ভুৱা হিতাধিকাৰীৰ নাম সংলগ্ন কৰা, এজন ব্যক্তিক দুবাৰকৈ সুবিধা প্ৰদান ইত্যাদিৰ মুল অভিযুক্ত পঞ্চায়ত সচিব নুৰুল ইছলাম মোল্লাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থনাত 591/20,690/20,699/20 তিনিটাকৈ গোচৰ ৰুজু হৈছে। কিন্তু আৰক্ষীয়ে কেৱল মিজানুৰ ৰহমান নামৰ জিপি কৰ্ডিনেটৰ এজনক গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিবলৈ প্ৰয়াস কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে।

কেৱল এয়াই নহয় পঞ্চায়ত খনৰ সচিব আৰু স্থানীয় চিএছপিয়ে চক্ৰান্তৰে  এজনকৈ হিতাধিকাৰীৰ দুটাকৈ বেংক একাউণ্ট খুলি বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ পোৱা গৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ফলিমাৰী দ্বিতীয় খণ্ড গাঁৱৰ জনেকা বিবি নামৰ মহিলা এগৰাকীৰ ধুবুৰী ইউবিআই আৰু চেন্ট্ৰেল বেংকত  দুটাকৈ  একাউণ্ট খুলি  দুবাৰকৈ একে  সুবিধা পোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে।
উক্ত সমগ্ৰ বিষয়ত জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ইতিমধ্যে তদন্ত দিয়া হৈছে আৰু দোষীৰ বিৰুদ্ধে আইনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছ।
এতিয়া প্ৰশ্ন হয় প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি জীৱিত লোকক মৃত সজাই বিধবা পেঞ্চনৰ দৰে চৰকাৰী আচঁনিৰ ধন আত্মসাৎ কৰা পঞ্চায়ত সচিব তথা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰিব নে চৰকাৰে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।
Published by: Tulika Devi
First published: July 7, 2020, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading