বিবাহস্থলীত এগৰাকী যুৱতীক দেখি মুৰ্ছা গ’ল দৰা, কইনা এতিয়া হাস্পতালত, কি হৈছিল গহপুৰত?
News18-Assam Updated:June 16, 2019, 2:37 PM IST

হোমৰ গুৰিত বহিল দৰা–কইনা। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলিৰে খদমদম পৰিৱেশ। কিন্তু হঠাৎ এগৰাকী যুৱতীৰ আগমনত সলনি হ’ল বিয়াৰ পৰিৱেশ।
হোমৰ গুৰিত বহিল দৰা–কইনা। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলিৰে খদমদম পৰিৱেশ। কিন্তু হঠাৎ এগৰাকী যুৱতীৰ আগমনত সলনি হ’ল বিয়াৰ পৰিৱেশ।
- News18 Assam
- Last Updated: June 16, 2019, 2:37 PM IST
এতিয়া শুনক আচল কাহিনী। লখিমপুৰ জিলাৰ শিমলুগুৰি কোকচাবাৰীৰ গোপাল খাটিয়াৰাৰ পুত্ৰ বাবুল খাটিয়াৰাৰ লগত বিয়া ঠিক হৈছিল গহপুৰৰ মধ্য চত্ৰঙৰ এগৰাকী যুৱতীৰ সৈতে। প্ৰথমতে সকলো ঠিকেই আছিল। বিয়াৰ দিনাও দিনৰ ভাগত সকলো ঠিকে–ঠাকেই পাৰ হ’ল। কিন্তু নিশা যেতিয়া দৰা কইনাঘৰত উপস্থিত হ’ল তাৰ পিছতে লাগিল হুলস্থূল।

ইফালে, এই ঘটনাৰ পিছতে মূৰত যেন সৰগ ভাগি পৰিল এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখা কইনাগৰাকীৰ। নিশাই কইনাক গহপুৰ এফ আৰ ইউত ভৰ্তি কৰোৱা হয়। প্ৰৱঞ্চক বাবুল এতিয়া আৰক্ষীৰ জিম্মাত। কইনাৰ পৰিয়ালৰ লোকেও বাবুল খাটিয়াৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গপুৰ থানাত।