হাজোত ৫ বছৰীয়া প্ৰেমৰ নাটকৰ যৱনিকা পৰিল আৰক্ষী থানাত

চতুৰ প্ৰদীপে নিজৰ বায়েকৰ সহযোগত যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাব আগবঢ়াই জাল পেলাইছিল প্ৰেমৰ।
চতুৰ প্ৰদীপে নিজৰ বায়েকৰ সহযোগত যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাব আগবঢ়াই জাল পেলাইছিল প্ৰেমৰ।
- News18 Assam
- Last Updated: November 3, 2020, 12:13 PM IST
কিন্তু অৱশেষত প্ৰৱঞ্চক প্ৰেমিক প্ৰদীপে মাৰিলে ওলোটা খৰ। পাঁচ বছৰ ধৰি চলি আহিছিল প্ৰদীপৰ এই প্ৰেম কাহিনী। অৱশেষত প্ৰদীপে যুৱতীগৰাকীক বিয়া কৰাবলৈ অমান্তি হোৱাত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী যুৱতীগৰাকী। ৰামদিয়া আৰক্ষী চকীত যৱনিকা পৰিল এই প্ৰেমৰ নাটকৰ। প্ৰদীপ মেধিয়ে সকলো কথা অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰামদিয়া উজানকুৰি ধাকুৰাপাৰাৰ ভুক্তভোগী এই যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত প্ৰদীপ মেধিক।