পাৰ্ট টাইম জবৰ নামত ৰামঠগন, ৩ কোটি টকাৰো অধিক লুটি উধাও ভুৱা প্ৰতিষ্ঠান

News18 Assam | News18-Assam
Updated:October 22, 2020, 9:06 AM IST
পাৰ্ট টাইম জবৰ নামত ৰামঠগন, ৩ কোটি টকাৰো অধিক লুটি উধাও ভুৱা প্ৰতিষ্ঠান
মহামাৰী কোৰোণা আৰু লকডাউনৰ মাজতেই নিবনুৱা যুৱক–যুৱতীসকলৰ মাজলৈ কঢ়িয়াই আনিছিল  FAREZONE TRAVELS PRIVATE LIMITED প্ৰতিষ্ঠানে এক আশাৰ বতৰা।

মহামাৰী কোৰোণা আৰু লকডাউনৰ মাজতেই নিবনুৱা যুৱক–যুৱতীসকলৰ মাজলৈ কঢ়িয়াই আনিছিল  FAREZONE TRAVELS PRIVATE LIMITED প্ৰতিষ্ঠানে এক আশাৰ বতৰা।

  • Share this:
নিবনুৱা যুৱক-যুৱতীৰ মূৰত পুনৰ ৰামটাঙোন। পাৰ্ট টাইম জবৰ দোহাই দি যুৱক–যুৱতীৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি উধাও হ’ল এটা ভুৱা প্ৰতিষ্ঠান। FAREZONE TRAVELS PRIVATE LIMITED নামৰ প্ৰতিষ্ঠানে নিবনুৱা যুৱক–যুৱতীৰ পৰা লুটিলে প্ৰায় ৩ কোটি টকা। যাৰ বাবে এতিয়া হাহাকাৰ অৱস্থা নাহৰকটীয়া, নামৰূপ, দুলীয়াজান আৰু জয়পুৰত।

মহামাৰী কোৰোণা আৰু লকডাউনৰ মাজতেই নিবনুৱা যুৱক–যুৱতীসকলৰ মাজলৈ কঢ়িয়াই আনিছিল  FAREZONE TRAVELS PRIVATE LIMITED প্ৰতিষ্ঠানে এক আশাৰ বতৰা। ঘৰত বহিয়ে কৰক পাৰ্ট টাইম জব, প্ৰতিমাহে উপাৰ্জন কৰক ১৩ হাজাৰ টকা। FAREZONE নামৰ এই প্ৰতিষ্ঠানৰ এই কৰ্মসংস্থাপনৰ বাবে আগবাঢ়ি আহিছিল নাহৰকটীয়া, নামৰূপ, দুলীয়াজান, জয়পুৰ আদি আঞ্চলৰ প্ৰায় তিনি সহস্ৰাধিক নিবনুৱা যুৱক যুৱতী।

FAREZONEৰ প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ বাবে এই যুৱক–যুৱতীসকলে আমানত ধন হিচাপে আদায় দিছিল ৮,৫০০ টকাকৈ। FAREZONE TRAVELS PRIVATE LIMITED  নামৰ এই প্ৰতিষ্ঠানটোৱে এই আমনত ধন সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল একাংশ যুৱকক।

নাহৰকটীয়া জয়পুৰৰ তৃষানীল গগৈয়ে প্ৰায় তিনি সহস্ৰাধিক নিবনুৱা যুৱক–যুৱতীৰ পৰা সংগ্ৰহ কৰিছিল ৭,৫০০ টকাকৈ আমানত ধন। নিজৰ বেংক একাউণ্ট নথকাৰ দোহাই দি তৃষানীলে এই সমস্ত আমানতৰ ধন আদায় লৈছিল পিতৃৰ পৰেশ গগৈৰ বেংক একাউণ্টৰ জৰিয়তে। পিতৃ পৰেশ গগৈৰ এক্সিছ বেংকৰ একাউণ্টত বিগত জুলাই মাহৰ ১ তাৰিখৰ পৰা ৭ অক্টোবৰ পৰ্যন্ত লেনদেন হৈছিল প্ৰায় তিনি কোটি পঞ্চাশ লাখ ওঠৰ হাজাৰ দুশ চল্লিশ টকা।

ইফালে প্ৰায় দুমাহ প্ৰতিষ্ঠানটোত কাম কৰাৰ অন্তত ওলাল উৰহীৰ ওৰ। দুমাহ পাৰ হোৱাৰ পিছতো প্ৰাপ্য দৰমহা নোপোৱাত  উপায়ন্তৰ হৈ যুৱক–যুৱতীসকলে কাষ চাপিছিল জয়পুৰ আৰক্ষীৰ। জয়পুৰ আৰক্ষীৰ সন্মুখতে তৃষানীলে নিজৰ ভুল স্বীকাৰ কৰি প্ৰতিষ্ঠানটোত কৰ্মৰত তিনি সহস্ৰাধিক যুৱক–যুৱতীয়ে পাব লগা মাহেকীয়া দৰমহা অহা ৩০ অক্টোবৰ ২০২০ পৰ্যন্ত আদায় দিম বুলি দলিলত স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰাপ্য দৰমহা আদায় নিদিয়া পৰ্যন্ত ঘৰ এৰি আঁতৰি নাযাওঁ বুলি চুক্তিবদ্ধ হৈছিল।

কিন্তু অতি ৰহস্যজনকভাৱে দুদিন পূৰ্বে নিজ বাসগৃহৰ পৰা হঠাৎ পলাল তৃষানীল আৰু তেওঁৰ পৰিয়াল। ঘৰত এতিয়া ওলমি আছে এটা প্ৰকাণ্ড তলা। ইয়াৰ পিছতেই এতিয়া সৃষ্টি হয় এক হাহাকাৰ অৱস্থা। ভুক্তভোগী যুৱক–যুৱতীসকল বুধবাৰে উপস্থিত হয় নাহৰকটীয়াৰ জয়পুৰ আৰক্ষী থানাত। ভুক্তভোগী যুৱক–যুৱতীসকলৰ অভিযোগ, জয়পুৰ আৰক্ষীৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ সঁহাৰি। বৰঞ্চ আৰক্ষীয়ে তৃষানীলৰ পৰিয়ালৰ পক্ষে থিয় দিয়াৰ অভিযোগ উঠিছে জয়পুৰ আৰক্ষীৰ বিৰুদ্ধে। কাৰণ নিজৰ প্ৰাপ্য দৰমহা বিচাৰি তৃষানীলৰ ঘৰলৈ যাবলৈ লাগে জয়পুৰ আৰক্ষীৰ অনুমতি। সেয়ে ভুক্তভোগী যুৱক–যুৱতীসকলে এতিয়া কাষ চাপিব আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ।
Published by: Sanjay Kumar Das
First published: October 22, 2020, 9:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading