ফেচবুক কৰা গুৱাহাটীয়া ৰাইজ সাৱধান! জালত পৰিব পাৰে এই বাণ্টি–বাবলীৰ!

ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ জালত পেলাই লুটপাত চলায় যুৱক–যুৱতীয়ে।

news18assam
Updated:June 6, 2019, 1:34 PM IST
ফেচবুক কৰা গুৱাহাটীয়া ৰাইজ সাৱধান! জালত পৰিব পাৰে এই বাণ্টি–বাবলীৰ!
ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ জালত পেলাই লুটপাত চলায় যুৱক–যুৱতীয়ে।
news18assam
Updated: June 6, 2019, 1:34 PM IST
ফেচবুকৰ জৰিয়তে গুৱাহাটীত প্ৰৱঞ্চনাৰ জাল মেলিছে একাংশ প্ৰৱঞ্চকে। ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ জালত পেলাই লুটপাত চলায় যুৱক–যুৱতীয়ে। এনে দুই প্ৰৱঞ্চক যুৱক–যুৱতী জালত পৰিছে চানমাৰি আৰক্ষীৰ। অংকুৰ কাশ্যপ ওৰফে দিগ্বিজয় দে’ নামৰ যুৱকজনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পেগু উপাধিৰ এগৰাকী যুৱতীক। দীৰ্ঘদিন ধৰি গুৱাহাটীত প্ৰেমৰ জালত পেলাই বহু যুৱক–যুৱতীৰ পৰা ধন লুটি অহাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে। ফেচবুকৰ জৰিয়তে চিনাকি হৈ যুৱতীক প্ৰেমৰ জালত পেলায় অংকুৰে। পিছত বিভিন্ন অজুহাত আৰু প্ৰলোভনেৰে যুৱতীৰ পৰা সৰকায় ধন। ভুক্তভোগীৰ দুখনকৈ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক–যুৱতীদ্বয়ক।
আৰু চাওক পৰৱৰ্তী বাতৰি