‘জীৱনত আৰু এনেকুৱা নকৰো’ – হোজাইত কৰ্মফল ভুগিলে দুই ভণ্ড বাবাই

News18 Assam | News18-Assam
Updated:February 5, 2020, 5:35 PM IST
‘জীৱনত আৰু এনেকুৱা নকৰো’ – হোজাইত কৰ্মফল ভুগিলে দুই ভণ্ড বাবাই
জীৱনত আৰু যমুনামুখত ভৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিলে দুই ভণ্ড বাবাই।

জীৱনত আৰু যমুনামুখত ভৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিলে দুই ভণ্ড বাবাই।

  • Share this:
হোজাইৰ যমুনামুখত বহিঃৰাজ্যৰ দুই ভণ্ড বাবাক ৰাজপথত আঁঠু কঢ়াই থ’লে একাংশ যুৱকে। একাংশই শোধালে উত্তম–মধ্যমো। কিছুদিন পূৰ্বে এই দুই ভণ্ড বাবাই একাংশ যুৱকক বিভিন্ন প্ৰলোভন দি প্ৰৱঞ্চনাৰে লুটি নিছিল কেইবা হাজাৰ টকা। কিন্তু আজি দুই ভণ্ড বাবাৰ কপাল বেয়া আছিল। যমুনামুখ ৰে’ল ষ্টেচনৰ সমীপতে প্ৰৱঞ্চনাৰ বলি হোৱা যুৱকে হাতে–লোটে ধৰিলে দুয়োকে। তাৰ পিছত দুয়োকে ৰাজপথত আঁঠু কঢ়োৱালে একাংশ লোকে। জীৱনত আৰু যমুনামুখত ভৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিলে দুই ভণ্ড বাবাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি