உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ব্যক্তি এজনেই, পিছে পৰিচয় অলেখ! প্ৰৱঞ্চনাৰে অভিলেখ ৰচিলে ছলমানে

    ব্যক্তি এজনেই, পিছে পৰিচয় অলেখ! প্ৰৱঞ্চনাৰে অভিলেখ ৰচিলে ছলমানে

    বিগত সময়ছোৱাত আবু ছলমানে প্ৰায় ৪৯ লাখ টকাৰ ইলেকট্ৰনিক সামগ্ৰী বিক্ৰী কৰিছে।

    বিগত সময়ছোৱাত আবু ছলমানে প্ৰায় ৪৯ লাখ টকাৰ ইলেকট্ৰনিক সামগ্ৰী বিক্ৰী কৰিছে।

    বিগত সময়ছোৱাত আবু ছলমানে প্ৰায় ৪৯ লাখ টকাৰ ইলেকট্ৰনিক সামগ্ৰী বিক্ৰী কৰিছে।

    • Share this:
    প্ৰৱঞ্চনাৰে অভিলেখ ৰচিলে ছলমানে। নগাঁৱৰ জুৰীয়াৰ আবু ছলমান নামৰ এজন যুৱকৰ কৰ্মকাণ্ডই হতচকিত কৰিছে সকলোকে। আবু ছলমান নামৰ এইজন যুৱকজনে দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে বহু অনলাইন সামগ্ৰী ঋণ লৈ ক্ৰয় কৰিছিল। ভুৱা পেন কাৰ্ড, ভুৱা আধাৰ কাৰ্ড আৰু ভুৱা পৰিচয়েৰে তিনিটাকৈ বেংকত একাউণ্ট খুলি আবু ছলমানে অনলাইনৰ পৰা ঋণযোগে ক্ৰয় কৰে সামগ্ৰী। ইয়াৰ পিছতে সেই সামগ্ৰীসমূহ নগাঁও চহৰ আৰু নগাঁও জিলাৰ বিভিন্ন ঠাইত কম মূল্যত বিক্ৰী কৰি বৃহৎ টকা উপাৰ্জন কৰে।

    বিগত সময়ছোৱাত আবু ছলমানে প্ৰায় ৪৯ লাখ টকাৰ ইলেকট্ৰনিক সামগ্ৰী বিক্ৰী কৰিছে। নগাঁও চহৰৰ হয়বৰগাঁৱৰ ইলেকট্ৰনিকছ সামগ্ৰী বিক্ৰী কৰা এখন বিপণীও এই কাৰ্যত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে শনিবাৰে মাজনিশা হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে অতি কৌশলৰে এই আবু ছলমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে ছাদ্দিক আৰু ছাদ্দাম নামৰ ছলমানৰ দুই সহযোগীৰ লগতে চক্ৰটোৰ আন বহুকেইজন সদস্য এতিয়াও পলাতক হৈ আছে।

    মৈৰাবাৰীৰ এজন মৌলবীৰ নেতৃত্বৰ এই সমগ্ৰ কু-কাৰ্য চলি থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে নগাঁৱৰ ব্লু ডাৰ্ট কুৰিয়াৰ ছাৰ্ভিছৰ কৰ্মচাৰীও। কাৰণ চক্ৰটোৱে সকলো সামগ্ৰী এই কুৰিয়াৰ ছাৰ্ভিছৰ জৰিয়তেই নগাঁৱলৈ আনিছিল।

    ইতিমধ্যে আৰক্ষীয়ে আবু ছলমানে প্ৰৱঞ্চনাৰে ক্ৰয় কৰা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ফ্ৰীজ, মোবাইল ফোন আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আবু ছলমানৰ স্বীকাৰোক্তিৰ ভিত্তিত হয়বৰগাঁও আৰক্ষীয়ে ব্লু ডাৰ্ট কুৰিয়াৰ আৰু ইটাচালিৰ দুটাকৈ ভাড়াঘৰৰ পৰা সামগ্ৰীখিনি উদ্ধাৰ কৰিছে। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
    Published by:Sanjay Kumar Das
    First published: