মহানগৰীত প্ৰৱঞ্চনাৰ জাল পাতি কোটি কোটি টকা লুণ্ঠন, জলপাইগুৰিত গ্ৰেপ্তাৰ হ’ল প্ৰৱঞ্চক সঞ্জীৱ

জুৰোডৰ পৰা গুৱাহাটী ট্যুৰ এণ্ড ট্ৰেভেল নামৰ এজেন্সীটো চলাইছিল চক্ৰটোৱে।

News18-Assam
Updated:November 1, 2019, 12:58 PM IST
মহানগৰীত প্ৰৱঞ্চনাৰ জাল পাতি কোটি কোটি টকা লুণ্ঠন, জলপাইগুৰিত গ্ৰেপ্তাৰ হ’ল প্ৰৱঞ্চক সঞ্জীৱ
জুৰোডৰ পৰা গুৱাহাটী ট্যুৰ এণ্ড ট্ৰেভেল নামৰ এজেন্সীটো চলাইছিল চক্ৰটোৱে।
News18-Assam
Updated: November 1, 2019, 12:58 PM IST
ট্ৰেভেল এজেন্সীৰ নামত কোটি টকা আত্মসাৎ কৰি জালত পৰিল সঞ্জীৱ সিং নামৰ এটা প্ৰৱঞ্চক। জলপাইগুৰিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সঞ্জীৱক। বৃহস্পতিবাৰে NEWS18ত সম্প্ৰচাৰ হৈছিল কিদৰে ট্ৰেভেল এজেন্সীৰ নামত গাড়ীৰ গৰাকীৰ পৰা চক্ৰটোৱে লুটিছিল কোটি কোটি টকা।

২৫০জনৰো অধিক লোকৰ পৰা ধন আত্মসাৎ কৰা চক্ৰটোত নাম সাঙোৰ খাইছে বহু সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ। মাষ্টাৰমাইণ্ড হিচাপে কাম কৰিছিল অৰুণ যাদৱ নামৰ লোকজনে। অৰুণৰ সহযোগী হিচাপে আছিল সঞ্জীৱ সিং, হোমেন দুৱৰা, টিপু, গৌতম কাছাৰ আৰু লেনিন ফুকন নামৰ এজন লোক।

জুৰোডৰ পৰা গুৱাহাটী ট্যুৰ এণ্ড ট্ৰেভেল নামৰ এজেন্সীটো চলাইছিল চক্ৰটোৱে। শেহতীয়াকৈ মহানগৰীৰ বহুকেইখন থানাত অৰুণ যাদৱৰ বিৰুদ্ধে প্ৰায় ১৫ টাকৈ গোচৰ ৰুজু হোৱাৰ পিছতে আত্মগোপন কৰে সমগ্ৰ চক্ৰটোৱে৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি