আজিও নগাঁও গান্ধী নগৰৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰৱঞ্চনা কৰাৰ অপচেষ্টা চলাওঁতেই গান্ধীনগৰৰ ৰাইজে নুৰ হুছেইনক আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে।
আজিও নগাঁও গান্ধী নগৰৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰৱঞ্চনা কৰাৰ অপচেষ্টা চলাওঁতেই গান্ধীনগৰৰ ৰাইজে নুৰ হুছেইনক আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে।
বিশেষভাৱে সক্ষম যুৱক-যুৱতীক চৰকাৰী সুবিধা দিয়াৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা এজন যুৱকক ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। নগাঁও চহৰৰ গান্ধীনগৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, নুৰ হুছেইন নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন ঠাইৰ বিশেষভাৱে সক্ষম লোকক চৰকাৰী আঁচনি, চৰকাৰী চাকৰি আৰু ঋণ দিয়াৰ প্ৰলোভনৰে প্ৰৱঞ্চনা কৰি আহিছিল।
আজিও নগাঁও গান্ধী নগৰৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰৱঞ্চনা কৰাৰ অপচেষ্টা চলাওঁতেই গান্ধীনগৰৰ ৰাইজে নুৰ হুছেইনক আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰৱঞ্চক নুৰ হুছেইনক আটক কৰি থানালৈ লৈ যায়। আনহাতে, বিশেষভাৱে সক্ষম লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগক স্বীকাৰ কৰিছে নুৰ হুছেইনে। আটকাধীন নুৰ হুছেইনৰ ঘৰ নগাঁৱৰ পাথৰীত বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|