• Home
  • »
  • News
  • »
  • assam
  • »
  • অইলত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা, দুলীয়াজানত ৰাইজৰ হাতত ধৰা পৰিল এইটো প্ৰৱঞ্চক

অইলত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা, দুলীয়াজানত ৰাইজৰ হাতত ধৰা পৰিল এইটো প্ৰৱঞ্চক

ধৃত প্ৰৱঞ্চকটোক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

ধৃত প্ৰৱঞ্চকটোক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

ধৃত প্ৰৱঞ্চকটোক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

  • Share this:
এশ গৰু মাৰিলে বাঘৰো মৰণ। সেয়া যেন প্ৰমাণিত হ’ল দুলীয়াজানৰ এটা ঠগ প্ৰৱঞ্চকৰ ক্ষেত্ৰত। উল্লেখযোগ্য যে দুলীয়াজানৰ আনন্দপাৰা আঞ্চলৰ সুজল দে নামৰ লোকজনে অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিয়াৰ নামত দুলীয়াজানৰ বিভিন্ন প্ৰান্তৰ বহু কেইজন যুৱকৰ পৰা ঠগ প্ৰৱঞ্চনাৰে আদায় কৰিছিল লাখ লাখ টকা। কিন্তু শনিবাৰে সুজলে পুনৰ চাকৰি দিয়াৰ নামত দাবী কৰা ধন নিবলৈ আহোতেই ৰাইজে প্ৰৱঞ্চকটোক আটক কৰি লপা-থপা দি পৰিৱেশ উত্তাল কৰি তোলে। ইফালে ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ ধৃত প্ৰৱঞ্চকটোক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি