বিশ্বনাথ চাৰিআলিত ৰাইজৰ ৰোষত পৰিল ‘ইন্সপেক্টৰ ছাৰ’, বহিঃৰাজ্যৰ পৰা আহি পাতিছিল প্ৰৱঞ্চনাৰ জাল

নিজকে আই পি এছ বিষয়া বুলি পৰিচয় দি ধনদাবী কৰিছিল লোকজনে। ঠায়ে ঠায়ে নিজকে ড্ৰাগছ ইন্সপেক্টৰ বুলিও পৰিচয় দিছিল প্ৰৱঞ্চকটোৱে।

News18-Assam
Updated:October 22, 2019, 12:51 PM IST
বিশ্বনাথ চাৰিআলিত ৰাইজৰ ৰোষত পৰিল ‘ইন্সপেক্টৰ ছাৰ’, বহিঃৰাজ্যৰ পৰা আহি পাতিছিল প্ৰৱঞ্চনাৰ জাল
নিজকে আই পি এছ বিষয়া বুলি পৰিচয় দি ধনদাবী কৰিছিল লোকজনে। ঠায়ে ঠায়ে নিজকে ড্ৰাগছ ইন্সপেক্টৰ বুলিও পৰিচয় দিছিল প্ৰৱঞ্চকটোৱে।
News18-Assam
Updated: October 22, 2019, 12:51 PM IST
বিশ্বনাথ চাৰিআলিত ৰাইজৰ জালত পৰিল এটা প্ৰৱঞ্চক। নিজকে আই পি এছ বিষয়া বুলি পৰিচয় দি ধনদাবী কৰিছিল লোকজনে। ঠায়ে ঠায়ে নিজকে ড্ৰাগছ ইন্সপেক্টৰ বুলিও পৰিচয় দিছিল প্ৰৱঞ্চকটোৱে। বিশ্বনাথ চাৰিআলিত এখন হোমিঅ’পেথিক ফাৰ্মাচীত অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধনদাবী কৰা লোকজনক সন্দেহবশতঃ ৰাইজে প্ৰশ্ন কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী।

স্মিথ ছেঠী নামৰ প্ৰৱঞ্চকটোৰ ঘৰ ওড়িশাৰ ভুবনেশ্বৰত। অসমৰ বিভিন্ন ঠাইত হোমিঅ’পেথিক ফাৰ্মাচীত গৈ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিচাৰিছিল ৫০–৬০ হাজাৰ টকা। কেৱল বিশ্বনাথতে নহয়, জামুগুৰিহাটতো কেইবাখনো ফাৰ্মাচীত সোমাই নথি–পত্ৰ বিচাৰি হাৰাশাস্তি কৰিছিল লোকজনে।

বিশ্বনাথ চাৰিআলিৰ চাৰু হোমিঅ’ নামৰ ফাৰ্মাচীখনত সোমাওতে ৰাইজে সন্দেহবশতঃ আবদ্ধ কৰে লোকজনক। ৰাইজে সোধা–পোছা কৰাত কোনো সদুত্তৰ দিবলৈ সক্ষম নোহোৱা লোকজনক পিছত আৰক্ষীক চমজাই দিয়ে।



ইফালে, জামুগুৰিহাট থানাতো গুণ বৰুৱা নামৰ ঔষধ ব্যৱসায়ীজনে প্ৰৱঞ্চকটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

এয়াও পঢ়ক : কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি