গুৱাহাটীত প্ৰৱঞ্চনাৰ জাল পেলাবলৈ আহি নিজেই জালত পৰিল কলিকতীয়া ‘CBI’ ছাৰ

প্ৰৱঞ্চকটোৱে প্ৰলোভন দিছিল যে গুৱাহাটীত এখন নতুন চিকিৎসালয় হ’ব, য’ত অধিক দৰমহা প্ৰদান কৰিব হাস্পতাল কৰ্তৃপক্ষই৷

News18-Assam
Updated:September 3, 2019, 5:35 PM IST
গুৱাহাটীত প্ৰৱঞ্চনাৰ জাল পেলাবলৈ আহি নিজেই জালত পৰিল কলিকতীয়া ‘CBI’ ছাৰ
প্ৰৱঞ্চকটোৱে প্ৰলোভন দিছিল যে গুৱাহাটীত এখন নতুন চিকিৎসালয় হ’ব, য’ত অধিক দৰমহা প্ৰদান কৰিব হাস্পতাল কৰ্তৃপক্ষই৷
News18-Assam
Updated: September 3, 2019, 5:35 PM IST
বলেন ভট্টাচাৰ্য্য : ঠগ, প্ৰৱঞ্চকেৰে ভৰিছে গুৱাহাটী মহানগৰ৷ মহানগৰীত নিতৌ ন ন ৰূপত প্ৰৱেশ কৰিছে প্ৰৱঞ্চকৰ দল৷ মঙলবাৰেও প্ৰৱঞ্চনাৰ জাল পৰিল আৰ্য্য হাস্পতালত৷ কলকাতাৰ পৰা অহা এটা প্ৰৱঞ্চকে গুৱাহাটীত এখন হাস্পতালৰ বাবে নাৰ্ছ বিচাৰিছিল। প্ৰৱঞ্চকটোৱে প্ৰলোভন দিছিল যে গুৱাহাটীত এখন নতুন চিকিৎসালয় হ’ব, য’ত অধিক দৰমহা প্ৰদান কৰিব হাস্পতাল কৰ্তৃপক্ষই৷ ইয়াৰ বাবে পল্টন বজাৰৰ হোটেল গীতাঞ্জলিত সাক্ষাৎকাৰ হ’ব বুলি প্ৰলোভন দিছিল সুপ্ৰিয় মুখাৰ্জী নামৰ প্ৰৱঞ্চকটোৱে৷

নিজকে ৯১ৰ প্ৰশাসনিক বিষয়া বুলি চিনাকি দিয়া প্ৰৱঞ্চকটো বৰ্তমান বিহাৰৰ CBI বিষয়া বুলি দাবী কৰে৷ ইমানেই নহয়, সুপ্ৰিয় মুখাৰ্জীয়ে দিল্লী AIIMSৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা বুলিও দাবী কৰে। নিজ জ্যেষ্ঠ ভাতৃৰ চিকিৎসালয় স্থাপনৰ বাবে অহা বুলি উল্লেখ কৰে প্ৰৱঞ্চকটোৱে৷

কিন্তু এই সকলোবোৰ তথ্য অৱগত কৰি থকাৰ মাজতে সন্দেহ উপজিল হাস্পতাল কৰ্তৃপক্ষৰ৷ লগে লগে CBIৰ বিষয়া বুলি চিনাকি দিয়া সুপ্ৰিয় মুখাৰ্জীৰ চাব বিচাৰিলে পৰিচয় পত্ৰ। সুপ্ৰিয় মুখাৰ্জীৰ পৰিচয় পত্ৰ চোৱাৰ পিছতে ওলাই পৰিল জোলোঙাৰ মেকুৰী৷ পৰিচয় পত্ৰত নাই কোনো বিভাগীয় মোহৰ তথা চাকৰিত যোগদানৰ তাৰিখ৷

ভুৱা পৰিচয় পত্ৰ লৈ কিয় ক্লিনিকৰ বাবে নাৰ্ছ বিচাৰি ফুৰিছিল সেয়াও ৰহস্যজনক৷ এয়া চাকৰি প্ৰদানৰ জাল নে আন কিবা সেয়া এতিয়াও অন্ধকাৰত৷ এই ঘটনাৰ পিছতে পল্টনবজাৰ থানাত হাস্পতাল কৰ্তৃপক্ষই দাখিল কৰে অভিযোগ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে
তদন্ত। আৰক্ষীৰ তদন্তত স্পষ্ট হ’ব কলিকতীয়া সুপ্ৰিয়ৰ উদ্দেশ্য কি আছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি