Techno এছ’চিয়েট নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ মূল প্ৰৱঞ্চক প্ৰণৱ মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিল ছয়গাঁও আৰক্ষীয়ে।
Techno এছ’চিয়েট নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ মূল প্ৰৱঞ্চক প্ৰণৱ মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিল ছয়গাঁও আৰক্ষীয়ে।
অনলাইন লোণৰ নামত দেশত এতিয়া জাল পাতিছে প্ৰৱঞ্চকে। এই প্ৰৱঞ্চকৰ জালত পৰি হাহাকাৰ ছয়গাঁৱৰ সাংবাদিক ভগৱান দাসৰ। ভগৱান দাসৰ পৰা অতি কৌশলেৰে সৰকালে ৩ লাখ ১০ হাজাৰ টকা। পিছত একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ এই ধন হেৰুৱাই হাবুডুবু খোৱা ভগৱান দাস ওচৰ চাপিল আৰক্ষীৰ। দাসৰ অভিযোগৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে কলকাতাৰ শান্তিময় নগৰত অভিযান চলাই কৰায়ত্ত কৰিলে এজনক।
Techno এছ’চিয়েট নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ মূল প্ৰৱঞ্চক প্ৰণৱ মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিল ছয়গাঁও আৰক্ষীয়ে। লখিমপুৰৰ প্ৰণৱ মহন্তই কলকাতাত বাহৰ পাতি ভুৱা অনলাইন লোণৰ বজাৰ খুলিছিল। ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে প্ৰৱঞ্চক প্ৰণৱ মহন্তক গ্ৰেপ্তাৰ কৰাৰ বাবে তিনিদিন ধৰি কলকতাত বাহৰ পাতি আছিল।
ধৃত প্ৰণৱ মহন্তৰ পৰা ৩২খন ATM কাৰ্ড, বহুকেইটা ম’বাইল হেণ্ডছেটসহ ভুৱা নথি–পত্ৰ জব্দ কৰিছে। সম্প্ৰতি আৰক্ষীৰ জেৰা অব্যাহত আছে। এতিয়া ভগৱান দাসে এই ৩ লাখ ১০ হাজাৰ টকা ঘুৰাই পাব নে নাই তাক লৈ চিন্তিত হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|