বিমানবন্দৰত চাকৰি দিয়াৰ নামত বহু যুৱকৰ পৰা লৈছিল ধন, জালত পৰিল প্ৰৱঞ্চক চামচুল হক

যুৱক জনৰ ঘৰ হ’ল বাইহাটা চাৰিআলিত।
যুৱক জনৰ ঘৰ হ’ল বাইহাটা চাৰিআলিত।
- News18 Assam
- Last Updated: February 23, 2021, 8:16 PM IST
ধনৰ বিনিময়ত বৰঝাৰ বিমানবন্দৰত চাকৰি দিয়াৰ বাবে কেইজনমান যুৱকৰ লগত কথা পাতি থকাৰ সময়তে উপস্থিত ৰাইজে অভিযুক্ত চামচুল হক নামৰ যুৱকজনক হাতে–লোটে ধৰি বৰঝাৰ আৰক্ষীক গতাই দিয়ে যদিও যুৱককেইজনে কোনো এজেহাৰ দাখিল নকৰিলে।কিন্তু আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহে যে ইয়াৰ পূৰ্বেও বৰঝাৰ বিমানবন্দৰত ৫জন যুৱকক চাকৰি দিম বুলি মতি আনি যুৱককেইজনৰ পৰা মোবাইল লৈ উধাও হৈছিল এইজন চামচুল হকে।
এই ঘটনা সন্দৰ্ভত এক কেচ ৰুজু হৈ আছিল বৰঝাৰ আৰক্ষী চকীত। তাৰে পিছৰ পৰাই পলাতক হৈ আছিল চামচুল হক নামৰ এইজন যুৱক। আজি পূৰ্বৰ কেছৰ ভিত্তিত পলাতক চামচুল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, এইজন চামচুল হকে চাকৰি দিয়াৰ নামত বহু যুৱকৰ পৰা ধন লৈছিল।