মহানগৰ আৰক্ষীৰ আন এক সফলতা। নকল টকা, নকল সোণেৰে মানুহক প্ৰৱঞ্চনা কৰা ৪জন লোক জালত পৰিল আজাৰা আৰক্ষীৰ। নিশা মহানগৰীৰ পশ্চিম সংমণ্ডলৰ DCPৰ তত্বাৱধানতত গোপন সূত্ৰৰ পম খেদি আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোককেইজনক।
মহানগৰৰ পশ্চিম সংমণ্ডলৰ DCP নৱনীত মহন্তৰ তত্বাৱধানতত গোপন সূত্ৰৰ পম খেদি আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত যোৱা এটা দলে কৰায়ত্ত কৰে ৪ প্ৰৱঞ্চকক।
প্ৰৱঞ্চনাৰে লোকক বিক্ৰী কৰিছে নকল সোণ, নকল টকা বনোৱা মেচিন। পুৱতিনিশা আৰক্ষীয়ে দুটা নকল টকা বনোৱা মেচিনসহ গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চককেইটাক। ধৃত লোককেইজন হৈছে ক্ৰমে ওদালগুৰিৰ আব্দুল জলিল, উত্তৰ লখিমপুৰৰ ফুলজাৰ হুছেইন, বৰপেটা কলগাছিয়াৰ ৰহিম মণ্ডল আৰু বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ সুনীল শইকীয়া।
নিশা ৰহিম মণ্ডলক মহানগৰীৰ সাতগাঁৱৰ আমবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত জেৰা চলোৱাত আন ৩জনক হাতীগাঁও লখিমীনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। লোককেইজনৰ পৰা জব্দ কৰে ২ কেজি ওজনৰ নকল সোণ, প্ৰায় ৫ লাখ টকাৰ নকল টকা, মোবাইল ফোন ৪টা, চোকা অস্ত্ৰ, টকা বনোৱা মেচিন। লগতে জব্দ কৰে AS01 BA 6526 নম্বৰৰ Nissan Micra আৰু AS13 N 8634 নম্বৰৰ এখন TVS Torq বাহন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|