এইগৰাকী নিপু দাস ওৰফে সোণটি। দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত বৰিহাটৰ এইগৰাকী প্ৰৱঞ্চকে লুটিলে কোটি কোটি টকা। অৱশেষত এশ গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰে দশা হ'ল তেওঁৰ। উক্ত অঞ্চলটোৰে সুশীল শৰ্মা আৰু ৰাজেশ ঠাকুৰীয়াৰ সৈতে মিলি ভকত হৈ তিনি প্ৰৱঞ্চকে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইৰ লোকৰ পৰা কোটি কোটি টকা লৈ কিছু দিনৰ ভিতৰতে দুগুণকৈ দিয়াৰ প্ৰলোভন দি পিছত পলাই পত্ৰং দিয়ে।
অৱশেষত মঙলবাৰে বৰিহাটৰে পংকজ দাস নামৰ লোকজনৰ প্ৰায় আঢ়ৈ কোটি টকা ওভতাই দিয়াৰ কথা আছিল যদিও পিছত পিষ্টল দেখুওৱাই ধনৰ সলনি হত্যাৰহে ভাবুকি দিয়ে।
কিন্তু প্ৰৱঞ্চনাৰ বলি হোৱা পংকজ দাসে অতি কৌশলেৰে সতীৰ্থৰ সৈতে নিপুক কৰায়ত্ত কৰি আৰক্ষীক গটাই দিয়ে। ঘটনা সন্দৰ্ভত পংকজ দাসৰ এজাহাৰৰ ভিত্তিত পলাশবাৰী আৰক্ষী থানাত ৩০৮/২২ নম্বৰত গোচৰ ৰুজু কৰি নিপু দাসক জেৰা অব্যাহত ৰাখে। কোটি কোটি টকা প্ৰৱঞ্চনাৰে আত্মসাৎ কৰা নিপু দাসৰ দুই সহযোগী ৰাজেশ ঠাকুৰীয়া আৰু সুশীল শৰ্মা বৰ্তমান পলাতক।
Published by: Gautam Barman
FIRST PUBLISHED : August 16, 2022, 18:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।