
যুৱতীগৰাকীৰ বিশ্বাসৰ সুযোগ লৈ ধৰ্মেশ্বৰে মেলিলে প্ৰৱঞ্চনাৰ জাল।
যুৱতীগৰাকীৰ বিশ্বাসৰ সুযোগ লৈ ধৰ্মেশ্বৰে মেলিলে প্ৰৱঞ্চনাৰ জাল।
ৰাজ্যত অব্যাহত আছে ঠগ-প্ৰবঞ্চনাৰ ঘটনা। এইবাৰ জালুকবাৰী আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক। বিয়াৰ প্ৰলোভনেৰে যুৱতীৰ পৰা ধন লুটিছিল এই প্ৰৱঞ্চকটোৱে। ধৃত প্ৰৱঞ্চকটোৰ নাম ধৰ্মেশ্বৰ ৰয়। শেহতীয়াকৈ এগৰাকী যুৱতীৰ সৈতে Shadi.com ৱেবছাইটযোগে চিনাকি হৈছিল যুৱকজনৰ। চিনাকি হৈ নানা প্ৰলোভন দি যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰস্তাৱ দিছিল। যুৱতীগৰাকীও লাহে লাহে বিশ্বাসত ল'বলৈ আৰম্ভ কৰিলে যুৱকজনক। যুৱতীগৰাকীৰ বিশ্বাসৰ সুযোগ লৈ ধৰ্মেশ্বৰে মেলিলে প্ৰৱঞ্চনাৰ জাল।
বিভিন্ন অজুহাতত যুৱতীগৰাকীৰ পৰা প্ৰায় ৭৫ হাজাৰ টকা সৰকালে ধৰ্মেশ্বৰে। কিন্তু লোৱা টকা ওভতাই দিয়াৰ নাম নলয় প্ৰৱঞ্চকটোৱে। অৱশেষত যুৱতীগৰাকীয়ে প্ৰৱঞ্চকটোৰ সকলো ভুৱা কাম–কাজ ধৰা পেলাই। নিজৰ ভুৱা পৰিচয় দি যুৱতীসকলক প্ৰেমৰ জালত পেলাইছিল ধৰ্মেশ্বৰে। যুৱতীগৰাকীৰ আগত নিজৰ নাম জিতু ফুকন আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক বুলি উল্লেখ কৰিছিল প্ৰতাৰক ধৰ্মেশ্বৰে। ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত দেওবাৰে জালুকবাৰী আৰক্ষীয়ে লাচিত নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে এইজন প্ৰৱঞ্চকক। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|