মিছামাৰীত পূজাৰীৰ বেশত প্ৰৱঞ্চক, পূজা কৰাৰ চলেৰে গৃহস্থক লুটাৰ চেষ্টা

News18 Assam | News18-Assam
Updated:November 17, 2020, 9:20 AM IST
মিছামাৰীত পূজাৰীৰ বেশত প্ৰৱঞ্চক, পূজা কৰাৰ চলেৰে গৃহস্থক লুটাৰ চেষ্টা
অচিনাকি লোকদুজনে লোকনাথ বাবাৰ পূজা-অৰ্চনা কৰাৰ অন্তত মাননী হিচাপে পৰিয়ালটোৰ পৰা ৯ হাজাৰ টকা দাবী কৰে।

অচিনাকি লোকদুজনে লোকনাথ বাবাৰ পূজা-অৰ্চনা কৰাৰ অন্তত মাননী হিচাপে পৰিয়ালটোৰ পৰা ৯ হাজাৰ টকা দাবী কৰে।

  • Share this:
শোণিতপুৰ জিলাৰ মিছামাৰীত দুজন ভুৱা পূজাৰী তথা প্ৰৱঞ্চকক পৰিল ৰাইজৰ জালত। পূজা কৰাৰ চলেৰে গৃহস্থক লুটাৰ চেষ্টা চলাইছিল দুই প্ৰৱঞ্চকে। প্ৰবঞ্চক দুটাৰ ঘৰ নগাঁও জিলাৰ হোজাই আৰক্ষী থানাৰ অন্তৰ্গত ১৯নং ৱাৰ্ডৰ সুভাষ নগৰ পথত।

ঘটনাৰ বিৱৰণী অনুসৰি, মিছামাৰী থানাৰ অন্তৰ্গত ১নং ধানমৰা গাঁৱৰ নিৱাসী সুনীল দেৰ বাসগৃহত হঠাৎ এ এছ ১২ জেদ ৪৫৬০ নম্বৰৰ পালছাৰ মটৰ চাইকেলখনত অহা প্ৰৱঞ্চক দুটা উপস্থিত হয়। প্ৰৱঞ্চক দুজনে সুনীল দেৰ পৰিয়ালটোক প্ৰথমতে নিজকে পূজাৰী বুলি পৰিচয় দিয়ে। ধুৰন্ধৰ লোক দুজনে লোকনাথ বাবাৰ পূজা-অৰ্চনা কৰিলে পৰিয়ালটো বেমাৰ-আজাৰৰ পৰা পৰিত্ৰাণ পাব বুলি আশ্বাস দিয়াত দেৰ পৰিয়ালটোৱে তেওঁলোকৰ কথাত নিমিষতে ভোল যায়।

পিছত অচিনাকি লোকদুজনে লোকনাথ বাবাৰ পূজা-অৰ্চনা কৰাৰ অন্তত মাননী হিচাপে পৰিয়ালটোৰ পৰা ৯ হাজাৰ টকা দাবী কৰে। ইফালে দেৰ পৰিয়ালটোৱে অচিনাকি লোক দুজনৰ কথোপকথনত সন্দেহ ওপজে আৰু লগে লগে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীক গোপন মাতি আনে। পিছত ১নং ধানমৰা গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াই সুনীল দেৰ বাসগৃহত উপস্থিত হয় আৰু লোক দুজনক সোধা-পোছা কৰে।

স্থানীয় লোকে অচিনাকি লোক দুজনক সোধা-পোছা কৰাৰ পিছত স্থানীয় ৰাইজ হতভম্ব হৈ পৰে। নিজকে পূজাৰী বুলি পৰিচয় দিয়া প্ৰৱঞ্চক দুটা কোনো পূজাৰী নহয়। লোক দুজনৰ হাতৰ পৰা উদ্ধাৰ হোৱা এ টি এম কাৰ্ড, অনুজ্ঞাপত্ৰ, ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ডখনে সকলো তথ্য পোহৰলৈ আনে। ৰাইজৰ জালত পৰা প্ৰৱঞ্চক দুটাৰ নাম হ'ল ক্ৰমে  ৰাহুল আলী আৰু  আজাদ আলী। পিছত দুয়োকে আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে। আৰক্ষীয়ে এই দুই প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷
Published by: Sanjay Kumar Das
First published: November 17, 2020, 9:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading