আলফা স্বাধীন (ULFA-I)ত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক হ'ল চাৰি যুৱক। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ভাৰতীয় সেনা (IndianArmy)ৰ এটা দলে অভিযান চলাই মাকুমৰ পৰা আটক কৰে চাৰিওজন যুৱকক।
ধৃত যুৱক কেইজন তিনিচুকীয়াৰ গুইজান নতুন গাঁৱৰ নন্দেশ্বৰ গগৈ, থমাছ বৰগোহাঁই, খনজিৎ গোহাঁই আৰু হিৰণ্য ঘৰফলীয়া। আটক কৰাৰ পিছতে যুৱককেইজনক সেনাই মাকুম আৰক্ষীক চমজাই দিয়ে।
উল্লেখ্য যে বিগত কেইবছৰমানৰ পৰা উজনি অসমৰ বহু যুৱক-যুৱতী এনেদৰে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত যোগদানৰ বাবে গমন কৰাৰ বাতৰি লাভ কৰি থকা হৈছে। ইতিমধ্যে এনেদৰে যোৱা বহু যুৱক আৰক্ষী-সেনাৰ জালত পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|