কাজিৰঙাৰ কাঞ্চনজুৰিত আজি এক শোকাৱহ দুৰ্ঘটনাত চাৰি যুৱকে প্ৰাণ হেৰুৱায়। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাই পৰা হুণ্ডাই অ'ৰা বাহনত থকা পাঁচজন যাত্ৰীৰ ৪গৰাকী থিতাতে নিহত হয় দুৰ্ঘটনাটোত।
দুৰ্ঘটনাৰ ফলত বাহনখন পানীৰ মাজত সোমাই পৰাত মৃতদেহসহ বাহনখন উদ্ধাৰ কৰে বাগৰি আৰক্ষীয়ে। জানিব পৰা মতে, নিহত ৪জন আৰোহীৰ আটায়ে ছাত্ৰ আছিল। প্ৰবল বৰষুণৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে (Tragic Accident in Kaziranga)।
দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই অ'ৰা বাহনখনৰ নম্বৰ AS03AE8003। নিহত লোককেইজনৰ পৰিচয় কিছু সময় পিছত উদ্ধাৰ কৰা হয়। তেওঁলোক ক্ৰমে অংকুৰজ্যোতি দত্ত, ৰোহিত দাস (২৩), ঋষভ দাস (১৯) আৰু ৰাহুল সেনাপতি(২০)। দুৰ্ঘটনাত শচীন বৰদলৈ নামৰ ছাত্ৰজন আহত হয়। নিহত ৰোহিত দাসৰ ঘৰ যোৰহাটৰ মালৌআলিত, ঋষভ দাসৰ ঘৰ মাজুলীৰ বালিগাঁৱত আৰু ৰাহুল সেনাপতিৰ ঘৰ মাজুলীত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|