সৰ্থেবাৰীৰ বৰমাৰা গাওঁত গৰু চুৰিক লৈ উত্তাপ্ত পৰিস্থিতি ।
সৰ্থেবাৰীৰ বৰমাৰা গাওঁত গৰু চুৰিক লৈ উত্তাপ্ত পৰিস্থিতি ।
ঈদৰ দিনাই গৰু চুৰি হোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সৰ্থেবাৰীত। সৰ্থেবাৰীৰ বৰমাৰা গাওঁত গৰু চুৰি কৰা চাৰি যুৱকক উত্তম-মাধ্যম শোধাই স্থানীয় ৰাইজে। গাওঁবাসীয়ে জনোৱা মতে, বৰমাৰা গাঁৱৰ চুলতান আলী আৰু বচু আলীৰ ঘৰৰ পৰা কেৰবানীৰ উদ্দেশ্যে দুটা গৰু চুৰি কৰিছিল চাৰি যুৱকে ৷
পিছে ঈদৰ কোৰবানীৰ বাবে গৰু চুৰি কৰা চাৰি যুৱক ঈদৰ দিনটোতে ধৰা পৰে ৰাইজৰ হাতত ৷ আৰু তাৰ পিছতে স্থানীয় লোকে ধৰি বান্ধি চাৰিওটা গৰু চোৰকে উত্তম-মাধ্যম শোধায়। অবশ্যে এজন যুৱক সুযোগ বুজি পলায়ন কৰে যদিও আন তিনি যুৱকক সৰ্থেবাৰী আৰক্ষীয়ে ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এতিয়া আৰক্ষীয়ে গৰু চুৰি কাৰ্যত জড়িত থকা বৰমাৰা গাঁৱৰ ৰাহিদুল ইছলাম, ইমৰানুল আলী, কাচেম আলী আৰু ভোগদিয়া গাঁৱৰ জামিৰুল আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত ৰুজু কৰিছে গোচৰ ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|