• Home
  • »
  • News
  • »
  • assam
  • »
  • North Guwahati: বহিঃৰাজ্যৰ চোৰৰে মিলি গঠন চোৰৰ বৃহৎ নেটৱৰ্ক, উত্তৰ গুৱাহাটীত পিষ্টলসহ ৪ দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ

North Guwahati: বহিঃৰাজ্যৰ চোৰৰে মিলি গঠন চোৰৰ বৃহৎ নেটৱৰ্ক, উত্তৰ গুৱাহাটীত পিষ্টলসহ ৪ দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ

এখন বুলেটৰ লগতে ষাঠিটাৰো অধিক ম'বাইল হেণ্ডছেট, ঘৰুৱা আচবাব উদ্ধাৰ কৰে।

এখন বুলেটৰ লগতে ষাঠিটাৰো অধিক ম'বাইল হেণ্ডছেট, ঘৰুৱা আচবাব উদ্ধাৰ কৰে।

এখন বুলেটৰ লগতে ষাঠিটাৰো অধিক ম'বাইল হেণ্ডছেট, ঘৰুৱা আচবাব উদ্ধাৰ কৰে।

  • Share this:
উত্তৰ গুৱাহাটী আৰক্ষীয়ে আজি ভেটামুখৰ ভাৰাঘৰৰ পৰা কেশৱ বনিয়া  আৰু নয়ন মণ্ডল নামৰ দুই চিলনী চোৰক গ্ৰেপ্তাৰ কৰে। পথৰ পৰা ম'বাইল ফোন আৰু ধন কাঢ়ি নিয়াত অভ্যস্ত দুই চিলনী চোৰক নিশা আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, এই দুই গভাইত চোৰে এক বৃহৎ নেটৱৰ্কৰে আৰক্ষীৰ চকুৰ টোপনি হৰিছিল।

আনহাতে গৌৰীপুৰ আৰক্ষীয়ে আজি এক গোপন খবৰৰ ভিত্তিত উত্তৰ গুৱাহাটীৰ  ৰূদ্ৰেশ্বৰৰ এটি ভাৰাঘৰৰ পৰা আন দুই ইৰাণী গ্ৰুপৰ সদস্যক গ্ৰেপ্তাৰ কৰে। অংকুৰ কুমাৰ নামৰ উত্তৰপ্ৰদেশৰ যুৱকৰ লগতে সমীপৰে আন এটি ভাৰাঘৰৰ পৰা প্ৰাঞ্জল কলিতা নামৰ চাংসাৰী বনমাজাৰ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (thief arrested with pistols in North Guwahati)।

দুৰ্ধৰ্ষ চোৰ অংকুৰৰ কোঠাত অভিযান চলাই আৰক্ষীয়ে এটি হাতেসজা পিষ্টল, দুজাঁই সক্ৰিয় গুলী আৰু এখন বুলেটৰ লগতে ষাঠিটাৰো অধিক ম'বাইল হেণ্ডছেট, ঘৰুৱা আচবাব উদ্ধাৰ কৰে। দুই ইৰিণী গ্ৰুপৰ চোৰৰ পৰা উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত অতি সূক্ষ্ম ম'বাইল নাম্বাৰৰ ডায়েৰী আৰু তলা খোলা মাষ্টাৰ চাবি দুপাটো জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ম'বাইল ফোনৰ ডায়েৰীত ৰাজ্যৰ বাহিৰৰ লোকৰ নাম আৰু ফোন নম্বৰ আছে । আনহাতে ধৃত সদস্যই তিনি ইৰাণী গ্ৰুপৰ সদস্যই সোমবাৰেই ৰে'লেৰে দিল্লী অভিমুখী গৈছে বুলি আৰক্ষীক অৱগত কৰে।

আনহাতে ভাৰাতীয়া ঘৰৰ মালিকৰ ভাষ্য অনুসৰি, দুজনৰ বাবে কোঠা ভাৰা কৰি নিশা হ'লে চাৰি-পাঁচজন যুৱক কোঠাত সোমাই থাকে। দিনত এজনো নাথাকে যদিও নিশা এনেদৰে কোঠাত অচিনাকি যুৱকে থিতাপি লয়। কিছুদিনৰ পৰা ঘৰৰ গৰাকীৰ সন্দেহ উপজিছিল তেওঁলোকৰ ওপৰত। গৌৰীপুৰ আৰক্ষীয়ে নিয়োগ কৰা চোৰাংচোৱাৰ দ্বাৰা ম'বাইল ক্ৰয় কৰি হাতেলোটে ধৰা পেলায় দুই চোৰক।

ইফালে ম'বাইল চোৰ ধৰাৰ  খবৰ পাই আৰক্ষী চকীত হাজিৰ হয় দোকানী । কিয়নো উত্তৰ গুৱাহাটীৰ কেইবাখনো দোকানত অলপতে চুৰি হৈছিল ম'বাইল ফোন আৰু ইলেকট্ৰনিক্স সামগ্ৰী। অৱশ্যে উত্তৰ গুৱাহাটীত (North Guwahati) চাৰি দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ হ'লেও স্বস্তিৰ নিশ্বাস পেলাব পৰা নাই ৰাইজে। কিয়নো পশুধন চুৰি চক্ৰই টোপনি কাঢ়িছে গঞাৰ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি