গঁড় হত্যাৰ পৰিকল্পনা, জখলাবন্ধা আৰক্ষীৰ জালত ৪ চোৰাং চিকাৰী

কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত আশ্ৰয় ল’বলৈ আহোতেই জালত পৰে চিকাৰীকেইটা।

news18assam
Updated:June 11, 2019, 8:50 AM IST
গঁড় হত্যাৰ পৰিকল্পনা, জখলাবন্ধা আৰক্ষীৰ জালত ৪ চোৰাং চিকাৰী
কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত আশ্ৰয় ল’বলৈ আহোতেই জালত পৰে চিকাৰীকেইটা।
news18assam
Updated: June 11, 2019, 8:50 AM IST
পুনৰ জখলাবন্ধা আৰক্ষীৰ জালত পৰিল চাৰি চোৰাং চিকাৰী। নিশা বাগৰিৰ তেল ডিপোৰ সন্মুখৰ পৰা দহ জাঁই সজীৱ গুলীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীকেইটাক। ধৃত চাৰি চোৰাং চিকাৰীকেইটা হ’ল ৰূপহীহাট চাইদৰীয়াৰ আনোৱাৰ হুছেইন, লংকা নখুটিৰ ৰমজান আলী, জুৰীয়াৰ উদমাৰীৰ ইমান আলী আৰু অসম–নাগালেণ্ড সীমান্তৰ দিলীপ বড়ো। চোৰাং চিকাৰীৰ দলটোৱে ব্যৱহাৰ কৰা এখন ইয়ন গাড়ীও জব্দ কৰে আৰক্ষীয়ে। কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত আশ্ৰয় ল’বলৈ আহোতেই জালত পৰে চিকাৰীকেইটা।
আৰু চাওক পৰৱৰ্তী বাতৰি