সোণাৰিৰ দুটি শিশুসহ মুঠ চাৰিজন বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যুমুখত পৰিছে। মৃতসকলৰ নাম ক্ৰমে ৰিমা কৰ্মকাৰ ( ৩৫ ), তেওঁৰ পুত্ৰ অজয় কর্মকাৰ (১০), কন্যা, চয়নিকা কর্মকাৰ (১২) আৰু জোনাকী প্ৰজা (৩২) বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে সোণাৰিৰ পাৰ্শ্বৱৰ্তী ২নং লালতিপথাৰ গাঁৱত যোৱা ৬ এপ্ৰিলত দুটি শিশুসহ ৮গৰাকী লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল (consuming poisonous mushrooms)। পৰৱৰ্তী সময়ত আটাইকে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু যোৱানিশা চিকিৎসাধীন অৱস্থাতে আক্রান্তসকলৰ এই দুই মহিলা আৰু দুটি শিশুৱে মৃত্যুক সাৱটি লয়।
ইফালে তাতেই চিকিৎসাধীন হৈ থকা বাকীসকলৰো অৱস্থা সংকটজনক আৰু তেওঁলোকে মৃত্যুৰ সৈতে যুঁজ দি থকা বুলি জানিব পৰা গৈছে। আনহাতে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা বিভিন্ন বাগিচাত এই সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰি থকাৰ কথা জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|