ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ পুনৰ চাৰিজন ছাত্ৰক নিলম্বন কৰা হৈছে। আজি বিশ্ববিদ্যায়খনৰ পঞ্জীয়কৰ পৰা দিয়া নিৰ্দেশনা অনুসৰি ছাত্ৰকেইজনক নিলম্বন কৰা হৈছে।
এই চাৰিজন ছাত্ৰ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ধেমাজিৰ দিব্যজ্যোতি গগৈ, ডিব্ৰুগড়ৰ শুভ্ৰজিৎ বৰুৱা, চৰাইদেউৰ নিৰঞ্জন ঠাকুৰ আৰু লখিমপুৰৰ কল্যাণ দত্ত।
উল্লেখ্য, আনন্দ শৰ্মা নামৰ এগৰাকী ছাত্ৰক পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰাৱাসত ৰেগিঙৰ নামত মাৰধৰ কৰাত গুৰুতৰভাৱে আহত হয় আৰু সম্প্ৰতি চিকিত্সাধীন হৈ আছে। এই ঘটনাক লৈ পূৰ্বে ১৮জন ছাত্ৰক নিলম্বন কৰা হৈছিল।
ইফালে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত অনুষ্ঠিত হোৱা কেবিনেটত বৈঠকৰ পিছত সংবাদমেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু PNGB ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে তদন্ত হ'ব বুলি মত প্ৰকাশ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|