• Home
  • »
  • News
  • »
  • assam
  • »
  • Baksa: বাক্সাত এটা পৰিয়ালৰ চাৰিগৰাকীকৈ লোকৰ বিষপান কৰি আত্মহত্যা চেষ্টা

Baksa: বাক্সাত এটা পৰিয়ালৰ চাৰিগৰাকীকৈ লোকৰ বিষপান কৰি আত্মহত্যা চেষ্টা

 চাৰিওগৰাকী লোকৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ

চাৰিওগৰাকী লোকৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ

চাৰিওগৰাকী লোকৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ

  • Share this:
বাক্সা জিলাত আজি এটা পৰিয়ালে চাৰিগৰাকীকৈ লোকে বিষপান কৰি আত্মহত্যা কৰাৰ চেষ্টা চলোৱা ঘটনাই  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাৰিবাৰিক সংঘাতৰ পৰিণতিতে পৰিয়ালটোৰ আটাইকেইগৰাকী লোকে এইদৰে আত্মহত্যাৰ চেষ্টা চলাই সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে ৷ সাধাৰণ খৰি পুৰি পেলোৱা বাবে সৃষ্টি হৈছিল পতি-পত্নীৰ কাজিয়া (Attempt to suicide) ৷

প্ৰাপ্ত তথ্য অনুসৰি,  ব্যক্তিগৰাকীৰ পত্নীৰ সৈতে কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয় ৷ এই কাজিয়াৰ পিছতে  পুত্ৰৰে পিতৃৰ কাজিয়া লাগে।  ইয়াৰ পিছতে পিতৃয়ে দুপৰীয়া ঘৰলৈ  কীটনাশক দ্ৰব্য আনি বিষপান কৰে ৷

পৰিয়ালৰ মুৰব্বীগৰাকীয়ে বিষপান কৰাত পত্নী, পুত্ৰ আৰু কন্যায়ো বিষপান কৰে ৷ পৰিয়ালটোৰ আটাইকেইগৰাকী লোকে এইদৰে বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱাত চুবুৰীয়াই ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু চাৰিওগৰাকী লোকৰ অৱস্থা অতি সংকটজনক হোৱাত আটাইকেইগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হৈছে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি