বোকাখাতত সোমবাৰে ডকাইতি আৰু অপহৰণ কাণ্ডত জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন আছু নেতা ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তেজপুৰৰ এখন গুটখাৰ দোকানৰ পৰা এ, এছ, ০৫ চি ৭১৯৫ নম্বৰৰ জিত গাড়ীখনে গুটখা লৈ গোলাঘাটৰ নন্দিনী ষ্ট’ৰলৈ আহি আছিল ৷ বোকাখাতৰ লতাবাৰীত আছুৰ গোলাঘাট জিলাৰ সহকাৰী সম্পাদক দীপাংকৰ হাজৰিকা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দ্বীপ ঠাকুৰীয়া, প্ৰাক্তন আঞ্চলিক সম্পাদক প্ৰীতম বৰা আৰু মহকুমা ছাত্ৰ সন্থাৰ সদস্য ৰাহুল বৰাই এ,এছ,০১ বি,এম,০৩৩৩ নম্বৰৰ চুইফট গাড়ীৰে গুটখাৰ গাড়ীখন আগভেটি ধৰি বোকাখাত চালক হেণ্ডিমেনক নমাই কাঢ়ি লয় গুটখা পৰিবাহী গাড়ীখন ৷
মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই জনোৱা মতে, তেজপুৰৰ পৰা গুটখা পৰিবাহী এখন গাড়ী অহাৰ তথ্য বোকাখাত আৰক্ষীৰ হাতত থকাৰ বাবে সাধাৰণ পোচাকত এটা আৰক্ষীৰ দল উক্ত স্থানত গাড়ীখন জব্দ কৰিবৰ বাবে আছিল ৷ যাৰবাবে আৰক্ষীয়ে সমগ্ৰ দৃশ্য কৰি গাড়ী সহ আছুৰ দলটোক আটক কৰে ৷
পাছত গাড়ীখনৰ চালক ইমটিয়াজ আলি আৰু হেণ্ডিমেন দিগন্ত শইকীয়াৰ এজাহাৰৰ ভিত্তিত চাৰিওজনকে 211/2020 গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ 365/392 ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ অৱশ্যে গুটখা পৰিবাহী গাড়ীখনৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে ৷
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|