মুখ্যপৃষ্ঠা »খবৰ »অসম »ডিব্ৰুগড়লৈ স্থানান্তৰ পঞ্জাৱৰ ৪ খালিস্তানী উগ্ৰপন্থীক, পঞ্জাৱ আৰক্ষীয়ে বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ লৈ আহে উগ্ৰপন্থীকেইজনক

ডিব্ৰুগড়লৈ স্থানান্তৰ পঞ্জাৱৰ ৪ খালিস্তানী উগ্ৰপন্থীক, পঞ্জাৱ আৰক্ষীয়ে বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ লৈ আহে উগ্ৰপন্থীকেইজনক

ডিব্ৰুগড়লৈ স্থানান্তৰ পঞ্জাৱৰ ৪ খালিস্তানী উগ্ৰপন্থীক, পঞ্জাৱ আৰক্ষীয়ে বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ লৈ আহে উগ্ৰপন্থীকেইজনক

ডিব্ৰুগড়লৈ স্থানান্তৰ পঞ্জাৱৰ ৪ খালিস্তানী উগ্ৰপন্থীক, পঞ্জাৱ আৰক্ষীয়ে বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ লৈ আহে উগ্ৰপন্থীকেইজনক

Punjab Police: পঞ্জাৱৰ কাৰাগাৰ মহাপৰিদৰ্শকসহ ২৭ জন আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে ডিব্ৰুগড়লৈ লৈ আহে পঞ্জাৱত সন্ত্ৰাসৰ সৃষ্টি কৰা উগ্ৰপন্থীকেইজনক।

  • Share this:
ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হৈছে পঞ্জাৱত গ্ৰেপ্তাৰ হোৱা ৪ জন খালিস্তানী উগ্ৰপন্থীক। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰিকল্পনা মৰ্মে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড়লৈ অনা হয় খালিস্তানী উগ্ৰপন্থী কেইজনক। পঞ্জাৱৰ কাৰাগাৰ মহাপৰিদৰ্শকসহ ২৭ জন আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে ডিব্ৰুগড়লৈ লৈ আহে পঞ্জাৱত সন্ত্ৰাসৰ সৃষ্টি কৰা উগ্ৰপন্থীকেইজনক।

ৱাৰিছ পঞ্জাৱ ডে'ৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ অতি ঘনিষ্ঠ হিচাপে বিবেচিত খালিস্তানী উগ্ৰপন্থী কেইজনক নিৰাপত্তাজনিত কাৰণতে ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অতি সংগোপনে ৰূপ দিছিল ধৃত খালিস্তানী উগ্ৰপন্থীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰৰ পৰিকল্পনা।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সময়তে অৰ্থাৎ ১৪ মাৰ্চত ডিব্ৰুগড়লৈ গৈছিল ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং। সেইদিনা ডিজিপি সিঙে ডিব্ৰুগড়কে ধৰি ৬ খন আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে ৬ ঘণ্টাজোৰা মাৰাথন বৈঠকত অংশ লৈছিল। তাৰ লগতে সেই ডিব্ৰুগড় ভ্ৰমণৰ সময়তে ডিজিপি সিঙে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰো পৰিদৰ্শন কৰিছিল। তাৰ পৰাই এই কথা অনুমান কৰিবলৈ টান নহয় যে খালিস্তানী উগ্ৰপন্থীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰৰ সকলো কাম তথা বিধি ব্যৱস্থা তেতিয়াই সম্পূৰ্ণ কৰা হৈছিল।

সেই পৰিকল্পনা মৰ্মে খালিস্তানী উগ্ৰপন্থী কেইজনক আজি ডিব্ৰুগড়লৈ লৈ অহা হয়। দিনৰ প্ৰায় ১১ বজাত খালিস্তানী উগ্ৰপন্থী চাৰিজনক লৈ পঞ্জাৱ আৰক্ষীৰ দলটো বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়। তাৰ পৰা দীঘলীয়া কনভয়েৰে খালিস্তানী উগ্ৰপন্থী কেইজনক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হয়। এই কাৰাগাৰতে ৰাখি খালিস্তানী উগ্ৰপন্থী কেইজনৰ পৰা গোপন তথ্য আহৰণৰ চেষ্টা চলাব আৰক্ষী আৰু চোৰাংচোৱা বাহিনীয়ে।

শেহতীয়া বাতৰি