কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত জ্যোতি প্ৰকাশ গগৈ নামৰ এজন শিক্ষকৰ দেহতো কোভিড-১৯ পজিটিভ পোৱা গৈছে৷
কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত জ্যোতি প্ৰকাশ গগৈ নামৰ এজন শিক্ষকৰ দেহতো কোভিড-১৯ পজিটিভ পোৱা গৈছে৷
মৰাণৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্মৰত চাৰিজনকৈ চৰকাৰী কৰ্মচাৰীৰ দেহত সোমবাৰে নিশা কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে মৰাণত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল ক্ৰমে মানস প্ৰতিম গগৈ, শৈলেশ বাসাক আৰু উত্তম হাজৰিকাৰ দেহত সোমবাৰে নিশা ধৰা পৰে কোভিড-১৯ পজিটিভ৷ আটাইকেইজন মৰাণৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত হৈ আছিল৷
তদুপৰি কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত জ্যোতি প্ৰকাশ গগৈ নামৰ এজন শিক্ষকৰ দেহতো কোভিড-১৯ পজিটিভ পোৱা গৈছে৷ নিশাই কৰ্মচাৰীকেইজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আটাইকেইজন কৰ্মচাৰীয়েই চৰকাৰী কামৰ লগতে বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল৷ এই ঘটনাৰ পাছতে মৰাণত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ শীঘ্ৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে দেখা গৈছে গণ সংক্ৰমণৰ তীব্ৰ আশংকা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|