আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ডাঃ যদুমণি কটকী, ডাঃ বিনোদ কলিতা আৰু ডাঃ হৰজ্যোতি ডেকা আক্ৰান্ত হৈছে কোৰোণাত।বৰ্তমান বন্ধ কৰি দিয়া হৈছে চিকিৎসালয় খনৰ OPD আৰু জৰুৰীকালীন সেৱা। OPD বিভাগৰ লগতে জৰুৰীকালীন সেৱা স্থানান্তৰ কৰা হ’ল নগৰীয়া চিকিৎসালয়লৈ।
দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ত কৰ্মৰত হোৱাৰ লগতে মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই আছিল ডাঃ যদুমণি কটকী আৰু ডাঃ বিনোদ কলিতাই। আনহাতে প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ হৰজ্যোতি ডেকা মঙলদৈ অসামৰিক চিকিৎসালয়ত কৰ্মৰত। মঙলদৈৰ কেইবাঠাইতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।ডাঃ যদুমণি কটকী জিলাখনৰ কোৰোণা সম্পৰ্কীয় ন’ডেল অফিচাৰৰ দায়িত্বত আছিল।
ইয়াৰ পূৰ্বেও মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ জিতেন চহৰীয়া আক্ৰান্ত হৈছিল COVID-19ত। দৰং জিলাত মুঠ চাৰিগৰাকী চিকিৎসক আক্ৰান্ত হোৱাৰ লগতে বর্তমানলৈ জিলাখনৰ ৮গৰাকী স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈছে কোৰোণাত। জিলাখনত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা ২৮৮ গৰাকী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|