ওদালগুৰি জিলাৰ মাজবাটত তিনিটাকৈ পৃথক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিগৰাকী লোক। আনহাতে দুগৰাকীক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
প্ৰথমটো পথ দুৰ্ঘটনা হৈছে বাহিপুখুৰী চাহ বাগিচাৰ ৮ নং লাইনৰ কাষত, দ্বিতীয়টো পথ দুৰ্ঘটনা হয় ২নং নাহৰবাৰীৰ বাথৌ মন্দিৰ কাষত আৰু তৃতীয়টো পথ দুৰ্ঘটনা হয় মুৰকাটি গাঁৱত।
জানিব পৰা মতে, নিহত হোৱা লোক কেইজন হৈছে দেৰহাচাৎ বসুমতাৰী(২০), নিজুমছা বসুমতাৰী(২৬), জিতেন প্ৰজা (১৯), ৰাকেশ ওৰাং (৩০)। উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত লোককেইজন হৈছে ৰিমি দৈমাৰী (১৮) ৰঞ্জন কিস্কু (৩০)।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|