মুখ্যপৃষ্ঠা »খবৰ »অসম »By Election in BTC: উপ-নিৰ্বাচনৰ বাবে সাজু বিটিচি, BPF-UPPLকে ধৰি চাৰি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

By Election in BTC: উপ-নিৰ্বাচনৰ বাবে সাজু বিটিচি, BPF-UPPLকে ধৰি চাৰি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

  কোকলাবাৰী পৰিষদীয় সমষ্টিটোত অহা ৮ জুনৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ  ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷

কোকলাবাৰী পৰিষদীয় সমষ্টিটোত অহা ৮ জুনৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ  ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷

কোকলাবাৰী পৰিষদীয় সমষ্টিটোত অহা ৮ জুনৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ  ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷

  • Share this:
বাক্সা জিলাৰ অন্তৰ্গত ২২নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিলৰ শেষৰ দিনাখন এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ বিপিএফ (‍BPF) আৰু ইউ পি পি এল (UPPL) দলৰ সমৰ্থকসকলে নৃত্য-গীতেৰে সমদল কৰি মনোনয়ন পত্ৰ দাখিলৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়লৈ আহে ৷

আজি বি পি এফ সমৰ্থিত প্ৰাৰ্থী শংকৰ বসুমতাৰী, ইউপিপিএল তথা বিজেপি-জিএছপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মন্টু বড়ো, নিৰ্দলীয় প্ৰাৰ্থী হীৰেন শৰণীয়া আৰু ভি পি আই  সমৰ্থিত প্ৰাৰ্থী লব কুমাৰ বসুমতাৰীয়ে ৰিটাৰ্নি বিষয়াৰ ওচৰত মনোনয়ন পত্র দাখিল কৰে।

উল্লেখ্য যে কোকলাবাৰী পৰিষদীয় সমষ্টিটোত অহা ৮ জুনৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ  ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মে’। পৰিষদীয় সমষ্টিটোৰ মুঠ ৯৭টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্য হৈছে ৭২,৪১৬ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৭৫৬ গৰাকী আৰু মহিলা ভোটাৰ ৩৬,৬৬০ গৰাকী ৷ ৫ টা জ'ন আৰু ১০ টা ছেক্টৰত ভাগ কৰিবলগীয়া সমষ্টিটোৰ বাবে প্ৰায় পাঁচ শতাধিক বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰা হ'ব।

শেহতীয়া বাতৰি