
লংকাৰ যুৱকদুজনে তিনি হাজাৰ টকাত ধৃত আন দুই যুৱকৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি স্বীকাৰোক্তি দিয়ে।
লংকাৰ যুৱকদুজনে তিনি হাজাৰ টকাত ধৃত আন দুই যুৱকৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি স্বীকাৰোক্তি দিয়ে।
হোজাইত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ড্ৰাগছ। হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নিৰ্দেশত বিষ্ণুপল্লী অঞ্চলত আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছভৰ্তি তিনিটা কণ্টেইনাৰ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি যুৱকক। ধৃত যুৱককেইজন লংকাৰ ৰেহান ওঝা, আনোৱাৰ হুছেইন, হোজাই বৰদলৈ কলনীৰ দিলৱাৰ হুছেইন আৰু মাইদুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
উল্লেখযোগ্য যে লংকাৰ যুৱকদুজনে তিনি হাজাৰ টকাত ধৃত আন দুই যুৱকৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি স্বীকাৰোক্তি দিয়ে। লগতে ড্ৰাগছ সেৱন নকৰিলে ড্ৰাগছ আসক্ত লংকাৰ ধৃত যুৱকে গাৰ বিষ হয় বুলিও দিছে ভাষ্য। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি ধৃত চাৰিওকে আজি আদালতত হাজিৰ কৰায় জে’ললৈ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|