• Home
  • »
  • News
  • »
  • assam
  • »
  • Lakhimpur : লখিমপুৰ জিলা দিৱসৰে সংগতি ৰাখি জিলা কৃষি বিভাগৰ বিস্তৃত কাৰ্যসূচী

Lakhimpur : লখিমপুৰ জিলা দিৱসৰে সংগতি ৰাখি জিলা কৃষি বিভাগৰ বিস্তৃত কাৰ্যসূচী

লখিমপুৰ জিলাৰ গৌৰৱোজ্বল ৫০ বছৰ পূৰ্তি উপলক্ষে জিলা দিৱস উদযাপনৰ যো-জা

লখিমপুৰ জিলাৰ গৌৰৱোজ্বল ৫০ বছৰ পূৰ্তি উপলক্ষে জিলা দিৱস উদযাপনৰ যো-জা

লখিমপুৰ জিলাৰ গৌৰৱোজ্বল ৫০ বছৰ পূৰ্তি উপলক্ষে জিলা দিৱস উদযাপনৰ যো-জা

  • Share this:
লখিমপুৰ জিলাৰ গৌৰৱোজ্বল ৫০ বছৰ পূৰ্তি উপলক্ষে জিলা দিৱস উদযাপনৰ যো-জা চলোৱা হৈছে। ইয়াৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা কৃষি বিভাগেও বিস্তৃত কাৰ্যসূচী হাতত লৈছে।

মহিলাসকলক কৃষি–কাৰ্যৰে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য আগত ৰাখি অহা ২৯ ছেপ্টেম্বৰত জিলাখনৰ আদৰ্শ মহিলা কৃষকক সম্বৰ্ধনা জনোৱা হ'ব। সেইদৰে কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত কৃষক আৰু কৃষি বিশেষজ্ঞৰ মাজত পাৰস্পৰিক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

জিলাখনৰ প্ৰায় প্ৰতিটো কৃষি চক্ৰ সামৰি আয়োজন কৰা হৈছে এই মত বিনিময় অনুষ্ঠানৰ। সেইদৰে পৰম্পৰাগত পদ্ধতিৰে কৰা কৃষি কাৰ্যক অধিক গতিশীল কৰাৰ লগতে কৃষকসকলক এই দিশত অধিক সজাগ কৰিবলৈ কাৰ্যালয়ৰ চৌহদত থলুৱাভাৱে উৎপাদিত শাক- পাচলি আৰু কৃষি সামগ্ৰী বিক্ৰী কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছে।

দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা কৃষি বিষয়াই সকলোৰে সহযোগিতা কামনা কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি