• Home
  • »
  • News
  • »
  • assam
  • »
  • Prerona Puthibhoral: প্ৰেৰণা পুথিভঁৰালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

Prerona Puthibhoral: প্ৰেৰণা পুথিভঁৰালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

A Journey To The Edge Of The Universe নামৰ National Geographic Channel ৰ তথ্যচিত্ৰৰ অসমীয়া অভিযোজনা 'মহাকাশৰ দাঁতিলৈ যাত্ৰা' প্ৰদৰ্শন

A Journey To The Edge Of The Universe নামৰ National Geographic Channel ৰ তথ্যচিত্ৰৰ অসমীয়া অভিযোজনা 'মহাকাশৰ দাঁতিলৈ যাত্ৰা' প্ৰদৰ্শন

A Journey To The Edge Of The Universe নামৰ National Geographic Channel ৰ তথ্যচিত্ৰৰ অসমীয়া অভিযোজনা 'মহাকাশৰ দাঁতিলৈ যাত্ৰা' প্ৰদৰ্শন

  • Share this:
প্ৰেৰণা পুথিভঁৰালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ ৭ম প্ৰতিষ্ঠা দিৱস যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে নৃত্য-গীত, অভিনয়-আবৃত্তি, যোগাসন-বাদ্যবাদন, বক্তৃতানুষ্ঠান-প্ৰাচীৰ পত্ৰিকা উন্মোচন, তথ্যচিত্ৰ প্ৰদৰ্শন আদি বাৰে ৰহণীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বক্তৃতানুষ্ঠানত পুথিভঁৰালৰ (Prerana Puthibhoral) জ্যেষ্ঠ পৰিচালক কমলনয়ন মিশ্ৰই যুক্তি দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে ব্যাখ্যা কৰে। মিশ্ৰই কয় যে যুক্তি মূলতঃ বৈজ্ঞানিক সত্যাসত্য নিৰূপণ তথা মানৱতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব, অপযুক্তি আৰু অন্ধ উন্মাদনাৰ পৰা মানুহৰ চেতনাক মুক্ত কৰিব লাগিলে বৈজ্ঞানিক যুক্তিবাদী আন্দোলনক সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ প্ৰসাৰিত কৰিব লাগিব।



বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ইটালীৰ যুক্তিবাদী জিওৰ্ডানো ব্ৰুনোৰ জীৱন আৰু সত্যৰ হকে কৰা আত্মবলিদানৰ কাহিনী বৰ্ণনা কৰে। অনুষ্ঠানত তৰালি শৰ্মা আৰু হৃষীকেশ বৰপূজাৰীয়ে সম্পাদনা কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ সমন্বয়ক ড০ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই ।

বক্তব্য প্ৰদান কৰে প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী, নতুন দেহৰ আৰু ধমধমা-গড়ভিতৰ শাখাৰ মুখ্য পৰিচালক ক্ৰমে নিপন কুমাৰ ডেকা, বনজিত ডেকা আৰু নূৰ ইছলাম আলীয়ে। ছাত্ৰ-ছাত্ৰীৰ বাবে যোগাসন আৰু প্ৰণায়াম শীৰ্ষক বক্তৃতা দিয়ে যোগ-প্ৰশিক্ষক বসন্ত মজুমদাৰে। অনুভৱ প্ৰকাশ কৰে ডা০ ডিম্বেশ্বৰ কলিতাই । গীত পৰিবেশন কৰে শিল্পী চন্দন শৰ্মাই ।

আনহাতে, পুথিভঁৰালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ সদস্য ক্ৰমে ৰাজপ্ৰতীম পাটোৱাৰী, ধৃতিস্মিতা ভট্টাচাৰ্য, ৰূদ্ৰাণী বৰপূজাৰী আৰু নৈঝৃত শৰ্মাই কবিতা আবৃত্তি, আকাশ কাশ্যপ আৰু সাগৰিকা বৰ্মনে যোগাসন, অভিনৱ নাৰায়ণ শৰ্মাই তবলা বাদন, ভাস্বতী কাকতি, নীহাৰিকা কাকতি, তৃষ্ণা কাকতি, কৰবী হালৈ, দৃষ্টি কাকতি, ঈশা দত্ত আৰু অংকিতা দত্তই দলীয় নৃত্য প্ৰদৰ্শন কৰে।



একক নৃত্য প্ৰদৰ্শন কৰে সদস্যা হিমাশ্ৰী বৰুৱা, তনুশ্ৰী বৰ্মন, হিমাদ্ৰী মালাকাৰ আৰু অনুষ্কা বৰপূজাৰীয়ে । অভিনয় কলা প্ৰদৰ্শন কৰে অংকুৰ বৰ্মনে। আনহাতে শাখাৰ সদস্যা প্ৰকৃতি প্ৰিয়ম ডেকা আৰু সদস্য প্ৰাচুৰ্য কৌশিকৰ গীতে সকলোকে আপ্লুত কৰে ।

অনুষ্ঠানত লেখিকা সুনীতি দেৱী, ধৰ্মপ্ৰাণা মহিলা গিৰিবালা দেৱী, সংগীত শিল্পী ধৰণী বৈশ্য, অটল ডেকা, কবি অৰুণ কুমাৰ গোস্বামী, জ্যেষ্ঠ সদস্য সুশীল মালাকৰ, মামণি দেৱী, হাৰকিউলিয়েন বৰ্মন, শান্তনু কোঁৱৰ, বীৰেন বৰ্মন আদি শতাধিক সদস্য শুভাকাংক্ষী উপস্থিত থাকে

উল্লেখ্য যে সন্ধিয়া A Journey To The Edge Of The Universe নামৰ National Geographic Channel ৰ তথ্যচিত্ৰ এখনৰ কমলনয়ন মিশ্ৰই কৰা অসমীয়া অভিযোজনা 'মহাকাশৰ দাঁতিলৈ যাত্ৰা' প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি