'গগৈক লৈ ৰাজনীতি নকৰিব, গগৈয়ে অসমখন চলাই থকা নাই'- কিয় জাঙুৰ খাই উঠিল ৰাজেন গোহাঁই?

News18 Assam | News18-Assam
Updated:January 30, 2021, 9:03 PM IST
'গগৈক লৈ ৰাজনীতি নকৰিব, গগৈয়ে অসমখন চলাই থকা নাই'- কিয় জাঙুৰ খাই উঠিল ৰাজেন গোহাঁই?
দলে প্ৰাৰ্থিত্ব দিলে বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজন।

দলে প্ৰাৰ্থিত্ব দিলে বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজন।

  • Share this:
"গগৈক লৈ ৰাজনীতি নকৰিব। কেৱল গগৈয়ে অসমখন চলাই থকা নাই"- আজি নগাঁৱত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইৰ। শেহতীয়া ভাৱে কংগ্ৰেছে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক একেলগ হ'বলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজেন গোহাঁইয়ে এই মন্তব্য প্ৰদান কৰে।

উল্লেখযোগ্য যে, আহোম সম্প্ৰদায়ৰ পৰা মোদী চৰকাৰৰ মন্ত্ৰী সভাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আজি কংগ্ৰেছ-এআইইউডিএফ নেতৃত্বাধীন মহাজোঁট সন্দৰ্ভত কয়, 'এআইইউডিএফক ৰোধ কৰিবৰ বাবেই বিজেপিক অসমৰ ৰাইজে শাসনত বহুৱাইছে। সেয়েহে এইবাৰ অসমীয়া জাতিৰ বাবে বিপদজনক এআইইউডিএফ আৰু কংগ্ৰেছৰ মহাজোঁটৰ পৰাজয় নিশ্চিত।'

আনহাতে অনাগত বিধানসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিৰ লগতে বঢ়মপুৰ, চামগুৰি, বটদ্ৰৱা আৰু ৰহাত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি গোহাঁইয়ে বঢ়মপুৰ মহন্তক এৰি নিদিবলৈ দলীয় নেতৃত্বক আহ্বান জনায়। গোহাঁইয়ে কয়, বিগত নিৰ্বাচনত প্ৰফুল্ল মহন্ত যেনে তেনেহে জয়ী হৈছিল। সেয়েহে এইবাৰ বঢ়মপুৰত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিলে বিজয় নিশ্চিত। ৰাজেন গোহাঁইয়ে লগতে কয়, দলে প্ৰাৰ্থিত্ব দিলে বঢ়মপুৰত তেওঁ প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু।
Published by: Himangshu Bhuyan
First published: January 30, 2021, 9:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি