মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Niru Hazarika: স্বনামধন্য শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা নিৰু হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

Niru Hazarika: স্বনামধন্য শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা নিৰু হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

News18 Assam | News18-Assam
Updated:July 25, 2021, 3:26 PM IST
Niru Hazarika: স্বনামধন্য শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা নিৰু হাজৰিকাৰ পৰলোকপ্ৰাপ্তি
সন্মানীয় ডি লিট  ডিগ্ৰী লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলাৰূপে জনাজাত আছিল অধ্যাপিকা নিৰু হাজৰিকা।

সন্মানীয় ডি লিট  ডিগ্ৰী লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলাৰূপে জনাজাত আছিল অধ্যাপিকা নিৰু হাজৰিকা।

  • Share this:

অসমৰ বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা  নিৰু হাজৰিকা আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, ৭৩ বছৰীয়া শিক্ষাবিদগৰাকীৰ আজি পুৱতিনিশা ৩ বাজি ৪৫ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কোৰোনাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে।


বিগত কেইবামাহ ধৰি অসুস্থ হৈ থকা শিক্ষাবিদগৰাকী ষ্ট্ৰ’কত আক্ৰান্ত হৈ যোৱা ডিচেম্বৰ মাহত অসম ডাউন টাউন হাস্পতালত ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠিছিল যদিও চলিত মাহতে ঘৰত পৰি গৈ কঁকালত আঘাতপ্ৰাপ্ত হৈছিল। ডাউন টাউন হাস্পতালত তেওঁৰ এক অস্ত্ৰোপচাৰ হোৱাৰ পাছতেই ঘৰতে আৰোগ্য হয় যদিও পুনৰ কোভিডত আক্ৰান্ত হয়  হাজৰিকা।


বিগত ২১ জুলাই তাৰিখে GMCHত ভৰ্তি হোৱা শিক্ষাবিদগৰাকীয়ে অৱশেষত  দেওবাৰে ইহলীলা সম্বৰণ কৰে। উল্লেখ্য যে সন্মানীয় ডি লিট  ডিগ্ৰী লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলাৰূপে জনাজাত হাজৰিকাই অধিক কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে সেৱা আগবঢ়াইছিল। নিজৰ জীৱনকালত কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা তথা সহঃ প্ৰণেতাৰূপে কাম কৰা ড৹ হাজৰিকাৰ উল্লেখযোগ্য কৰ্মৰাজিৰ ভিতৰত 'A Century of Civil Service in Northeast India', 'Public Service Commission in India', 'Ethnic Autonomy in Northeast India: A Search for an answer, Insurgency and beyond' আদি অন্যতম।



উল্লেখ্য যে ড৹ হাজৰিকাই ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, নেদাৰলেণ্ড, স্পেইন আদি বিভিন্ন দেশত অনুষ্ঠিত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিছিল। নতুন দিল্লীৰ ICSSRৰ প্ৰাক্তন সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰা ড৹ হাজৰিকাৰ তত্ত্বাৱধানত অসমৰ ৰাজনীতি তথা সামাজিক জগতখনত নেতৃত্ব বহন কৰা বহু ব্যক্তিসহ প্ৰায় ৭০ গৰাকী গৱেষক-গৱেষিকাই পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ উপৰি তেখেতৰ বিভিন্ন গৱেষণামূলক প্ৰবন্ধ বহুকেইখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে।


মন কৰিবলগীয়া কথা যে অসমৰ ৰাজনৈতিক জগতখনৰ সৈতে সম্পৰ্কিত শিক্ষাবিদগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক পৰিক্ৰমাৰ সৈতে বিশেষভাৱে পৰিচিত আছিল। আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত তেওঁ কেবিনেট মৰ্যাদাৰে ৰাজনৈতিক উপদেষ্টাৰ পদতো কাৰ্যনিৰ্বাহ কৰিছিল। বিশিষ্ট শিক্ষাবিদ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন গৱেষক পণ্ডিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকাগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধ তথা ছাত্ৰ-ছাত্ৰী শোকস্তব্ধ হৈ পৰিছে।


ড৹ হাজৰিকাৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে, আজি দিনৰ ভাগত মহানগৰীৰ ভূতনাথ শ্মশানত ড৹ হাজৰিকাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। শিক্ষাবিদগৰাকীৰ এই অন্তিম যাত্ৰাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক  ড৹ অখিল ৰঞ্জন দত্তকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। শিক্ষাবিদগৰাকীৰ সৎকাৰৰ অন্তত আটাইকেইগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যু অসমৰ শিক্ষা জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে।

Published by: Gautam Barman
First published: July 25, 2021, 3:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি