মুখ্যপৃষ্ঠা »খবৰ »অসম »South Kamrup : ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগ, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক গ্ৰেপ্তাৰ

South Kamrup : ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগ, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক গ্ৰেপ্তাৰ

অধ্যক্ষৰ লগতে গ্ৰেপ্তাৰ মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীও

অধ্যক্ষৰ লগতে গ্ৰেপ্তাৰ মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীও

অধ্যক্ষৰ লগতে গ্ৰেপ্তাৰ মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীও

  • Share this:

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল দক্ষিণ কামৰূপৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। লগতে গ্ৰেপ্তাৰ মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীও৷ ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগত সোণতলী আৰক্ষীৰ সহযোগত বকো আৰক্ষীয়ে প্ৰথমে আটক কৰি মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে দুয়োজনক ৷


প্ৰাক্তন অধ্যক্ষ আবুল কালাম আজাদক বকো আৰক্ষীয়ে সোণতলী আৰক্ষীৰ সহযোগত সোমবাৰে সন্ধিয়া আটক কৰিছিল ৷ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইন ওৰফে মিঠু আৰু অধ্যক্ষগৰাকীক জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।


অভিযোগ মতে, অধ্যক্ষ আবুল কালাম আজাদৰ সহযোগত নীতিবহিৰ্ভূতভাৱে ছাত্ৰবৃত্তিৰ আঁচনিৰ নডেল অফিচাৰ সজাইছিল ৰবিউলৰ পত্নীক ৷ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউলৰ পত্নীক নডেল অফিচাৰ সজাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠাত তদন্তত নামে আৰক্ষী।

শেহতীয়া বাতৰি