অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি,পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপদেষ্টা আছিল দিলীপ বুঢ়াগোহাঁই ।
অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি,পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপদেষ্টা আছিল দিলীপ বুঢ়াগোহাঁই ।
আজি বিয়লি প্ৰায় ৪.৩০ বজাত শিৱসাগৰ জিলাৰ গড়গাঁৱৰ নিজা বাহগৃহত দেহাৱসান ঘটে বিশিষ্ট বুৰঞ্জীবিদ তথা সাহিত্যিক দিলীপ বুঢ়াগোহাঁইৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ৷ পত্নী, এজন পুত্ৰ, বোৱাৰী আৰু দুগৰাকী জীয়ৰীক এৰি ইহসংসাৰ ত্যাগ কৰে দিলীপ বুঢ়াগোহাঁয়ে৷
বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰয়াত বুঢ়াগোহাঁয়ে (Dilip Buragohain) কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে৷ তেওঁৰ মৃত্যুত অসম সাহিত্য সভা, জিলা সাহিত্য সভা, কথাশিল্পী ইমৰাণ শ্বাহৰ লগতে বহু ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷
শিৱসাগৰ জিলাৰ বিভিন্ন সামাজিক কামৰ লগতে গড়গাঁও মহাবিদ্যালয়ৰ (Gargaon College) প্ৰাক্তন অধ্যক্ষ,অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি,পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপদেষ্টা আছিল দিলীপ বুঢ়াগোহাঁই ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|