গুৱাহাটীলৈ অনা হ’ল ১২১ কোটি লুণ্ঠনৰ খলনায়ক গৌতম বৰুৱাক

২০১৭ চনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল সেই সময়ৰ শ্ৰম আয়ুক্ত তপন শৰ্মাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মান শ্ৰমিক উন্নয়ন পৰিষদৰ ১২১ কোটি টকাৰ লুণ্ঠন কৰাৰ তথ্য৷
২০১৭ চনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল সেই সময়ৰ শ্ৰম আয়ুক্ত তপন শৰ্মাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মান শ্ৰমিক উন্নয়ন পৰিষদৰ ১২১ কোটি টকাৰ লুণ্ঠন কৰাৰ তথ্য৷
- News18 Assam
- Last Updated: February 26, 2020, 6:21 PM IST
অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক উন্নয়ন পৰিষদৰ অধ্যক্ষ আছিল ব্যৱসায়ী গৌতম বৰুৱা, সদস্য সচিব আছিল সেই সময়ৰ শ্ৰম আয়ুক্ত IAS চৌহান দলে৷ IAS চোহান দলে আৰু গৌতম বৰুৱাই শ্ৰমিকৰ ছাত্ৰ–ছাত্ৰীৰ মাজত লিফলেট আৰু বুকলেট দিয়াৰ বাবে ঠিকা দিছিল মেছাৰ্ছ পুৰ্বাশ্ৰী প্ৰিন্টিং হাউছৰ স্বতাধিকাৰী প্ৰিয়াংশু বৈৰাগীক দিছিল সমগ্ৰ ঠিকা৷ কিন্তু ঠিকা সম্পূৰ্ণ হ’ল কাগজে–পত্ৰইহে৷ কিন্তু প্ৰকৃততে ছপা নহ’ল ১২১ কোটি টকাৰ লিফলেট আৰু বুকলেট৷
মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই তদন্ত পোহৰলৈ আহিল IAS চোহান দলে, ব্যৱসায়ী গৌতম বৰুৱা, প্ৰিয়াংশু বৈৰাগীয়ে লুণ্ঠন কৰিছিল ১২১ কোটি টকা টকা৷ তদন্তৰ পিছত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল তদানীন্তন শ্ৰম আয়ুক্ত চোহান দলে, প্ৰশাসনিক বিষয়া নগেন্দ্ৰ নাথ চৌধুৰী, প্ৰিয়াংশু বৈৰাগীক৷ কিন্তু গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছিল গৌতম বৰাই৷
২০১৮ চনত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গোচৰটোৰ গৌতম বৰুৱাক পলাতক ঘোষণা কৰি চাৰ্জশ্বিট দাখিল কৰিছিল৷ বিগত ৫ দিন ধৰি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ বিষয়া নতুন দিল্লীত বাহৰ পাতি আছিল৷ আজি বিমানযোগে ট্ৰেনজিত ৰিমাণ্ড লৈ গুৱাহাটীলৈ লৈ আনিলে গৌতম বৰুৱাক৷ বৃহস্পতিবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব গৌতম বৰুৱাক৷