• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19: ক'ভিডত আক্ৰান্ত হৈ প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মফিজুৰ ৰহমানৰ মৃত্যু

Covid-19: ক'ভিডত আক্ৰান্ত হৈ প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মফিজুৰ ৰহমানৰ মৃত্যু

উইলছ ট্ৰফী, এ টি পি এ আদি আগশাৰীৰ খেলৰ ফুটবল খেলুৱৈ আছিল যোৰহাটৰ মফিজুৰ ৰহমান।

উইলছ ট্ৰফী, এ টি পি এ আদি আগশাৰীৰ খেলৰ ফুটবল খেলুৱৈ আছিল যোৰহাটৰ মফিজুৰ ৰহমান।

উইলছ ট্ৰফী, এ টি পি এ আদি আগশাৰীৰ খেলৰ ফুটবল খেলুৱৈ আছিল যোৰহাটৰ মফিজুৰ ৰহমান।

  • Share this:

যোৰহাটৰ কাকজান আলিচুবুৰি নিৱাসী তথা ৭০ৰ দশকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ, কাকজান ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সদস্য তথা জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মফিজুৰ ৰহমান ওৰফে বাবুৱে আজি বিয়লি যোৰহাট মেডিকেল কলেজ হাস্পতালত ক'ভিডত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ।
১৯৭৮ চনত কাকজানত অনুষ্ঠিত গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাত উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি ওড়িশাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতাত অসম দলৰ হৈ খেলাৰ সুযোগ লাভ কৰা মফিজুৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ আছিল ৷


উইলছ ট্ৰফী, এ টি পি এ আদি আগশাৰীৰ খেলৰ খেলুৱৈগৰাকীয়ে এগৰাকী দক্ষ ফুটবলাৰ হিচাপেই ১৯৭৯ চনত জলসম্পদ বিভাগৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ একালত  অসম ছিনিয়ৰ ফুটবল দলৰ ষ্ট্ৰাইকাৰ হিচাপে পৰিচিত তথা কাকজানৰ ক্ৰীড়া ক্ষেত্ৰখন উজলাই ৰাখিবৰ বাবে সদায় চেষ্টা চলোৱা মফিজুৰে কাকজানৰ নতুন খেলুৱৈসকলক সদায় উৎসাহিত কৰাৰ লগতে ফুটবল খেলৰ অনুশীলন কৰোৱাইছিল ৷


শেহতীয়াকৈ কাকজানত অনুষ্ঠিত হোৱা ভেটাৰ্ন ফুটবলৰ অন্যতম খেলুৱৈ আৰু উদ্যোক্তা হিচাপে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মফিজুৰ অতি অমায়িক আৰু সকলোৰে প্ৰিয়ভাজন আছিল। তেওঁৰ মৃত্যুত কাকজান ক্ৰীড়া সন্হা, কাকজান কৃষ্টি কেন্দ্ৰ, কাকজান ব্যৱসায়ী সন্হা, আলিচুবুৰি মচজিদ কমিটী,বনগাঁও, আৰন্ধৰা গাঁও জামাতকে ধৰি অঞ্চলটোৰ আটাইকেইটা জামাতৰ সদস্যসকল, আলোকসন্ধানী মঞ্চ, কাকজান হাইস্কুল, কাকজান বালিকা বিদ্যালয়, কাকজান মহাবিদ্যালয়, কাকজান আঞ্চলিক ছাত্ৰ সন্হা আৰু যুৱ ছাত্ৰ পৰিষদ, কাকজান জুনিয়ৰ কলেজ, আৰোহণ একাডেমীকে ধৰি সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

Published by:Gautam Barman
First published: