মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰমা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা অসুস্থ, হায়াট হাস্পতালত ভৰ্তি

বৰমা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা অসুস্থ, হায়াট হাস্পতালত ভৰ্তি

আই চি ইউত চিকিৎসাধীন কংগ্ৰেছ নেতা পানীৰাম ৰাভা।

আই চি ইউত চিকিৎসাধীন কংগ্ৰেছ নেতা পানীৰাম ৰাভা।

আই চি ইউত চিকিৎসাধীন কংগ্ৰেছ নেতা পানীৰাম ৰাভা।

  • Share this:

বৰমা বিধানসভা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা সম্প্ৰতি অসুস্থ। অসুস্থ পানীৰাম ৰাভাক গুৱাহাটীৰ হায়াট হাস্পতালত আই চি ইউত ভৰ্তি কৰোৱা হৈছে।


কিছু দিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা পানীৰাম ৰাভাই স্নাযু ৰোগ আৰু মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল। মধুমেহ ৰোগৰ মাত্ৰা বৃদ্ধি পোৱাত পৰিয়ালৰ লোকে পানীৰাম ৰাভাক ততাতৈয়াকৈ মহানগৰীৰ ওদালবাক্ৰাৰ হায়াট হাস্পতালত ভৰ্তি কৰায়।


সম্প্ৰতি চিকিৎসালয়খনৰ আই চি ইউত থকা পানীৰাম ৰাভা সংকটমুক্ত বুলি চিকিৎসালয়খনৰ তৰফৰ পৰা News18ক জানিবলৈ দিছে। বৰ্তমানৰ কংগ্ৰেছৰ জনজাতীয় নেতাগৰাকীয়ে ১৯৯১ চনত বৰমা সমষ্টিৰ পৰা প্ৰয়াত ভৃগু কুমাৰ ফুকন নেতৃত্বাধীন নতুন অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰলৈ অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।


পৰৱৰ্তী সময়ত ন অগপ দল অগপত চামিল হোৱাত ১৯৯৬ চনত বৰমা সমষ্টিত ৰেখাৰাণী দাস বড়োৱে অগপৰ প্ৰাৰ্থিত্ব পোৱাত পানীৰাম ৰাভাই কংগ্ৰেছ দলত যোগদান কৰিছিল, য'ত ২০০১ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পানীৰাম ৰাভাই দ্বিতীয়বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই পানীৰাম ৰাভাৰ আশু আৰোগ্য কামনা কৰে।

শেহতীয়া বাতৰি