• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, কংগ্ৰেছ নেতা পানীৰাম ৰাভাৰ মৃত্যু

বৰমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, কংগ্ৰেছ নেতা পানীৰাম ৰাভাৰ মৃত্যু

ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰি এয়া অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।

ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰি এয়া অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।

ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰি এয়া অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।

  • Share this:

বৰমা বিধানসভা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ মৃত্যু। শাৰীৰিক অসুস্থতাত ভোগা পানীৰাম ৰাভাক গুৱাহাটীৰ হায়াট হাস্পতালত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।


কিছু দিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা পানীৰাম ৰাভাই স্নাযু ৰোগ আৰু মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল। মধুমেহ ৰোগৰ মাত্ৰা বৃদ্ধি পোৱাত পৰিয়ালৰ লোকে পানীৰাম ৰাভাক ততাতৈয়াকৈ মহানগৰীৰ ওদালবাক্ৰাৰ হায়াট হাস্পতালত ভৰ্তি কৰায়।


 চিকিৎসালয়খনৰ আই চি ইউত থকা পানীৰাম ৰাভাৰ আজি সন্ধিয়া মৃত্যু হয়। পানীৰাম ৰাভাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে শোক প্ৰকাশ কৰে।


ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুণ বৰাই ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰি এয়া অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান সদস্য ৰাভাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰে বৰাই।


উল্লেখ্য, কংগ্ৰেছৰ জনজাতীয় নেতাগৰাকীয়ে ১৯৯১ চনত বৰমা সমষ্টিৰ পৰা প্ৰয়াত ভৃগু কুমাৰ ফুকন নেতৃত্বাধীন নতুন অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰলৈ অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।


পৰৱৰ্তী সময়ত ১৯৯৬ চনত পানীৰাম ৰাভাই কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু ২০০১ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পানীৰাম ৰাভাই দ্বিতীয়বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

Published by:Gautam Barman
First published: