• Home
  • »
  • News
  • »
  • assam
  • »
  • Angoorlata Deka : নিৰ্বাচনত ''গৰু হাৰা'' দিলেও থমকি ৰোৱা নাই আঙুৰলতা, মঙলদৈত বানাক্ৰান্তৰ ওচৰত গৈ দিলে তাৰ প্ৰমাণ

Angoorlata Deka : নিৰ্বাচনত ''গৰু হাৰা'' দিলেও থমকি ৰোৱা নাই আঙুৰলতা, মঙলদৈত বানাক্ৰান্তৰ ওচৰত গৈ দিলে তাৰ প্ৰমাণ

ডেকাক এই কাৰ্যত সংগ দিয়ে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ।

ডেকাক এই কাৰ্যত সংগ দিয়ে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ।

ডেকাক এই কাৰ্যত সংগ দিয়ে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ।

  • Share this:
প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই আজি মঙলদৈৰ বানাক্ৰান্ত লোকসকলৰ কাষত উপস্থিত হয়। ডেকাক এই কাৰ্যত সংগ দিয়ে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে।

বন্যাৰ্তৰ সৈতে মত বিনিময়ৰ লগতে ভালুকখোৱাপাৰাত মহিলা আৰু শিশুৰ মাজত বিতৰণ কৰে বস্ত্ৰ। বানে গৰকা বৃহত্তৰ ৰঙামাটি, ভালুকখোৱাপাৰাত ৫০০ গৰাকী মহিলাক কাপোৰ বিতৰণ কৰি সদৌ অসম মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই (Angoorlata Deka) কয়- ''গুৰুজ্যোতি দাস আৰু মই যোৱা নিৰ্বাচনত গৰু হাৰা দিছোঁ, তথাপিতো ৰোৱা নাই, যিমান পাৰি হাঁহি গৈছোঁ কাম কৰি গৈছোঁ।''

উল্লেখ্য, বানপানী অহাৰ লগে লগে ঘৰৰ সকলো বয়বস্তু এৰি এযোৰ কাপোৰেৰে মথাউৰিত আশ্ৰয় ল’বলগীয়া হোৱা মহিলা, শিশু আৰু গাভৰুসকলক এযোৰ কাপোৰ দিয়াৰ ব্যৱস্থা কৰিছিল আঙুৰলতা ডেকাই। মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ উপস্থিতিত বস্ত্ৰ বিতৰণ কৰা হয়।
Published by:Gautam Barman
First published: