নাবালিকাক বলাৎকাৰ কৰি জে’ললৈ যোৱাৰ ভয়ত নিকাহ কৰালে প্ৰাক্তন মন্ত্ৰীৰ ভতিজাকে

কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি বলপূৰ্বকভাৱে নিকাহ নামাত চহী কৰোৱাৰ অভিযোগ ছফিকুলৰ বিৰুদ্ধে।

News18-Assam
Updated:October 15, 2019, 12:37 PM IST
নাবালিকাক বলাৎকাৰ কৰি জে’ললৈ যোৱাৰ ভয়ত নিকাহ কৰালে প্ৰাক্তন মন্ত্ৰীৰ ভতিজাকে
কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি বলপূৰ্বকভাৱে নিকাহ নামাত চহী কৰোৱাৰ অভিযোগ ছফিকুলৰ বিৰুদ্ধে।
News18-Assam
Updated: October 15, 2019, 12:37 PM IST
এগৰাকী নাবালিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি জে’ললৈ যোৱাৰ ভয়ত নিকাহ কৰিলে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভতিজাক ছফিকুল ইছলামে। ১৪ বছৰীয়া নাবালিকাৰ নিকাহ সম্পন্ন কৰা চৰকাৰী কাজি মহম্মদ জৈনুদ্দিনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনাটো বিশ্বনাথ চাৰিআলিৰ।

ছফিকুল ইছলাম নামৰ এজন যুৱকে এগৰাকী নাবালিকাক বিদ্যালয়ৰ পৰা ফুচুলাই নি বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক কৰাৰ অভিযোগ উঠিছে৷ ছফিকুল হৈছে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভতিজা৷ এই ঘটনাৰ পিছতে নাটকীয়ভাৱে ছফিকুলে আইনৰ পৰা হাত সাৰিবলৈ নিকাহ কৰিলে ১৪ বছৰীয়া কিশোৰীগৰাকীক৷

কিশোৰীগৰাকীৰ পিতৃ আৰু মাতৃক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি বলপূৰ্বকভাৱে নিকাহ নামাত চহী কৰোৱাৰ অভিযোগ ছফিকুলৰ বিৰুদ্ধে। এটা কোঠাত কেইবাদিনো বন্দী কৰি ৰখা হৈছিল কিশোৰীগৰাকীক৷ কিশোৰীগৰাকীক মুকলি কৰি দিম বুলি কৌশলেৰে মাতৃৰ পৰাও কাগজত কৰাইছিল চহী৷ কিন্তু নিকাহৰ কিছুদিন পিছৰে পৰা কিশোৰীগৰাকীৰ ওপৰত ছফিকুল আৰু পৰিয়ালে আৰম্ভ কৰে নিৰ্যাতন৷ ৫ লাখ টকা যৌতুক হিচাবে বিচাৰি কিশোৰীগৰাকীৰ ওপৰত চলাইছিল নিৰ্যাতন৷

ইমানেই নহয়, কিশোৰীগৰাকীক বিহ খুৱাই হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ ছফিকুল ইছলামৰ বিৰুদ্ধে৷ উপায়ন্তৰ হৈ মাতৃগৃহত থাকিবলৈ বাধ্য হয় কিশোৰীগৰাকী৷ অৱশেষত কিশোৰীগৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আদালতত গোচৰ তৰিবলৈ বাধ্য হয় মাতৃ৷ গোচৰ তৰাৰ পিছতেই সোমবাৰে নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তই কিশোৰীগৰাকীৰ ঘৰলৈ আহি পৰিয়ালটোক হত্যাৰ চেষ্টা চলায়। কিন্তু ওচৰ–চুবুৰীয়া ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে থানাত এজাহাৰ দাখিল কৰিছে৷ ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছত ১৪ বছৰীয়া কিশোৰীগৰাকীৰ নিকাহ সম্পন্ন কৰা চৰকাৰী কাজী মহম্মদ জৈনুদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ পৰিয়ালৰ লোকে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ ঘটনা পোহৰলৈ অহাত বিশ্বনাথ চাৰিআলিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি