প্ৰাক্তন ৰাজ্যপাল, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ দেৱানন্দ কোঁৱৰৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:April 25, 2020, 11:59 AM IST
প্ৰাক্তন ৰাজ্যপাল, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ দেৱানন্দ কোঁৱৰৰ দেহাৱসান
গুৱাহাটী মহানগৰৰ নিজা বাসভৱনত ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদ জনে

গুৱাহাটী মহানগৰৰ নিজা বাসভৱনত ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদ জনে

  • Share this:
বিহাৰ, ত্ৰিপুৰা, পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল, ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক দেৱানন্দ কোঁৱৰৰ দেহাৱসান।  গুৱাহাটী মহানগৰৰ নিজা বাসভৱনত ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদ জনে। ১৯৫৫ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ যোগদান কৰা কোঁৱৰে পৰৱৰ্তী সময়ত ১৯৯১ চনত হিতেশ্বৰ শিইকীয়া চৰকাৰ আৰু ২০০১ চনত তৰুণ গগৈৰ চৰকাৰৰ শাসনকালত কেবিনট মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল।

দেৱানন্দ কোঁৱৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে  বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
Published by: Himangshu Bhuyan
First published: April 25, 2020, 11:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading