একালৰ মন্ত্ৰীৰ পুত্ৰ এতিয়া ফুটপাথৰ বাসিন্দা, অট্টালিকাত থাকে পৰিয়াল

কদৰ্যময় পৰিৱেশত হেঙেৰাবাৰী হাউছিং কলনীৰ কাষৰ পদপথত দিন–ৰাতি পাৰ কৰিছে জান বৰুৱাই।

News18-Assam
Updated:September 6, 2019, 12:48 PM IST
একালৰ মন্ত্ৰীৰ পুত্ৰ এতিয়া ফুটপাথৰ বাসিন্দা, অট্টালিকাত থাকে পৰিয়াল
কদৰ্যময় পৰিৱেশত হেঙেৰাবাৰী হাউছিং কলনীৰ কাষৰ পদপথত দিন–ৰাতি পাৰ কৰিছে জান বৰুৱাই।
News18-Assam
Updated: September 6, 2019, 12:48 PM IST
ৰাজু বৰুৱা : গোলাপ বৰবৰা চৰকাৰৰ গড়কাপ্টানী মন্ত্ৰী দুলাল বৰুৱাক মনত আছেনে? যাৰ কণ্ঠ আছিল সিংহৰ দৰে, সেই দুলাল বৰুৱাৰে পুত্ৰ জান বৰুৱা এতিয়া হেঙেৰাবাৰীৰ পদপথৰ বাসিন্দা৷ কদৰ্যময় পৰিৱেশত হেঙেৰাবাৰী হাউছিং কলনীৰ কাষৰ পদপথত দিন–ৰাতি পাৰ কৰিছে জান বৰুৱাই।

জান বৰুৱা যি ঠাইত আছে সেই স্থানৰ পৰা কেইখোজমান আঁতৰত প্ৰটেক ৰিজেঞ্চিত বাস কৰে বৌৱেক আৰু ভতিজাক৷ উচ্চশিক্ষিত জান বৰুৱা মানসিক ৰোগী৷ হেঙেৰাবাৰী হাউছিং কলনীত এটা ঘৰো আছে জান বৰুৱাৰ৷ মানৱীয়তাৰ খাতিৰত পৰিয়ালৰ লোক আগবাঢ়ি অহাতো বিচাৰিছে স্থানীয় ৰাইজে।

‘এয়া নিতান্তই দুৰ্ভাগ্যজনক৷ ৰ’দে–বৰষুণে তেজ–মঙহৰ মানুহ এজন পৰি থকাৰ পিছতো পৰিয়ালৰ লোকৰ খবৰ এটা নাই৷ প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ এই অৱস্থা দেখি ব্যথিত হৈছো৷ পৰিয়ালৰ লোকক ফোন কৰি কোনো সঁহাৰি নাপালো৷ হাউছিঙৰ দুজনীমান মানুহ গৈছিল বৌৱেকক আৰু ভতিজাকক ক'বলৈ, কোনো সঁহাৰি নজনালে৷ কালি নিশা ভাত আৰু আঁঠুৱাৰ ব্যৱস্থা আমি কৰি দিছো’ – ক’লে হেঙেৰাবাৰী হাউছিঙৰ সম্পাদক নাৰায়ণ ভূঞাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি